এনিশাতে ১৭ লাখ কোটি ক্ষতি মাৰ্ক জুকাৰবাৰ্গৰ, আদানি-আম্বানিৰো তল পৰিল জুকাৰবাৰ্গ
নিউজ ডেস্ক,৫ ফ্ৰেব্ৰুৱাৰীঃ জনপ্ৰিয়তাৰ দিশৰ পৰা পতন ঘটাৰ ফলত বিশ্বৰ সবাতোকৈ জনপ্ৰিয় ছ’চিয়েল মিডিয়া মঞ্চ ফেচবুকে এদিনতে ১৭ লাখ কোটি টকা হেৰুৱাবলগীয়া হৈছে।ইয়াৰ ফলত ফেচবুকৰ প্ৰতিষ্ঠাতা মাৰ্ক জুকাৰবাৰ্গ বিশ্বৰ ধনাঢ্য ব্যক্তিৰ তালিকাত দ্বাদশ স্থানলৈ অৱনমিত হৈছে।
উল্লেখ্য যে বিখ্যাত আলোচনী ফৰ্বছে প্ৰকাশ কৰা অনুসৰি ২ ভাৰতীয় ধন কুবেৰ মুকেশ আম্বানি আৰু অনিল আদানি এতিয়া জুকাৰবাৰ্গতকৈ অধিক চহকী হৈ পৰিছে।
ইফালে বুধবাৰ আৰু বৃহস্পতিবাৰে আমেৰিকা ষ্টক একচেঞ্জত ফেচবুক আৰু ইয়াৰ নতুন অভিভাৱক সংস্থা মেটাৰ অংশীদাৰিত্বৰ ভয়ংকৰ পতন ঘটে। একেদিনাই ফেচবুকৰ শ্বেয়াৰ বা অংশীদাৰিত্বৰ মূল্য ২৬ শতাংশ হ্ৰাস পায়। তাৰ ফলতে দুদিনতে ছ’চিয়েল মিডিয়া মঞ্চ ফেচবুকে ১৭ লাখ কোটি টকা হেৰুৱাবলগীয়া হয়।
অন্যহাতে বিশেষজ্ঞৰ মত অনুসৰি ফেচবুক ব্যৱহাৰকাৰীৰ সংখ্যা এতিয়া অনিয়ন্ত্ৰিত ভাৱে বৃদ্ধিৰ দিন উকলি গৈছে। শেহতীয়াকৈ দুটা ত্ৰিমাসিকত ফেচবুকৰ পৰা ১০ লাখ ব্যৱহাৰকাৰী আঁতৰি গৈছে। মুঠ ২০০ কোটি ব্যৱহাৰকাৰী থকা ফেচবুকৰ পৰা ১০ লাখ ব্যৱহাৰকাৰী আঁতৰি যোৱাটো দেখাত বিশেষ ডাঙৰ ঘটনা নহয় যেন লাগিলেও এই ঘটনাই ফেচবুকৰ ব্যৱসায়ত গভীৰ ক্ষতিসাধন কৰিছে।