এদিন হিজাব পিন্ধা মহিলাই দেশৰ প্ৰধানমন্ত্ৰী হ’ব-আছাদুদ্দিন ওৱেছি

নিউজ ডেস্ক,১৩ ফ্ৰেব্ৰুৱাৰীঃ বৰ্তমান দেশত অব্যাহত আছে হিজাব বিতৰ্ক। হিজাব বিতৰ্কই জোকাৰিছে সমগ্ৰ দেশ।একাংশই ইয়াক সমৰ্থন কৰিছে আৰু আন একাংশই ইয়াক বিৰোধিতা কৰিছে।তাৰ মাজতেই শনিবাৰে এটা ভিডিঅ’ টুইটাৰত শ্বেয়াৰ কৰে সাংসদ আছাদুদ্দিন ওৱেছিয়ে। এই ভিডিঅ’ত তেঁও কয় যে- “এদিন হিজাব পিন্ধা মহিলাই দেশৰ প্ৰধানমন্ত্ৰী হ’ব।”
ওৱেছিয়ে কয় যে, “আমাৰ ছোৱালীসকলে নিজৰ পিতৃ-মাতৃক ক’ব যে আমি হিজাব পিন্ধিব বিচাৰো। তেতিয়া পিতৃ-মাতৃয়ে সম্পূৰ্ণ অধিকাৰ দি ক’ব যে চাই ল’ম ময়ো হিজাব পিন্ধাত কোনে বাধা দিয়ে। হিজাব পিন্ধিয়েই ছোৱালীসকল ডাক্তৰ, কালেক্টৰ আৰু হিজাব পিন্ধিয়েই এদিন দেশৰ প্ৰধানমন্ত্ৰী হ’ব।”
