Local, Vocal, Global

এটি ৬বছৰীয়া পুত্ৰই মা তুমি যতে আছা সোনকালে ঘূৰি আহা বুলী উচুপি উঠিছে কেমেৰাৰ সন্মুখত

এটি ৬বছৰী পুত্ৰই মা তুমি যতে আছা সোনকালে ঘূৰি আহা বুলী উচুপি উঠিছে কেমেৰাৰ সন্মুখত

গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অসম নাগালেণ্ড সীমান্ত বৰ্তী অঞ্চলৰ উৰিয়ামঘাটৰ এক নং লক্ষীপুৰৰ পৰা ১৮দিনে সন্ধানহীন হৈ আছে দুটিকৈ কণ কণ শিশুৰ মাতৃ মঞ্জু গয়াৰী নামৰ মহিলা গৰাকী।

স্বামী মুনু গয়াৰীয়ে জনায় যে যোৱা ১৭অক্টোবৰ তাৰিখৰ পৰাই মহিলা গৰাকীৰ নাই কোনো সন্ধান।মুনু গয়াৰী কৰ্মসূত্ৰে চেন্নাইত থাকে তেওঁ পত্নী ঘৰৰ পৰা নোহোৱা দিনাও তেওঁ চেন্নাইতে আছিল। পত্নী নোহোৱা খবৰ লাভ কৰা পাছতে তেওঁ ততাতৈয়াকৈ ঘৰলৈ আহে আৰু আহি তেওঁ ওচৰ চুবুৰীয়া লগতে আত্মীয় সকলোৰে ঘৰত খবৰ লয় যদিও কোনো সম্ভেদ নাপালে।

উৰিয়ামঘাট আৰক্ষী চকিত পত্নীৰ সন্ধানক লৈ এখন এজাহাৰ দাখিল কৰিছিল। কিন্তু আজি লৈকে কোনো সম্ভেদ নাপালে।।দুটি কণমানি পুত্ৰ‌ই নিজৰ মাকক কাষত পাবলৈ এতিয়া কাতৰ আহ্বান জনাইছে কেমেৰাৰ সন্মুখত।

কোনোবা সদাশয় ব্যক্তিয়ে মহিলা গৰাকীক দেখা পালে এই কেইটা ফোন নম্বৰত জনাবলৈ অনুৰোধ জনাইছে ব্যক্তি গৰাকীয়ে ৮৬৩৯১৪৮৬৪, ৮৮১১৯০২০২৬