Local, Vocal, Global

এটা মিউজিক ভিডিঅ’ই বিপদত পেলালে জনপ্ৰিয় গায়িকা নেহা কক্কৰক; ‘নাৰাজগী…’ শীৰ্ষক মিউজিক ভিডিঅ’টো মুক্তিলাভ কৰাৰ পাছতেই সমালোচনাৰ সন্মুখীন  হৈছে নেহা!

নিউজ ডেস্ক : শেহতীয়াকৈ মুক্তিলাভ কৰা মিউজিক ভিডিঅ’ই বিপদত পেলাইছে জনপ্ৰিয় কণ্ঠশিল্পী নেহা কক্কৰক৷ তথ্য় অনুসৰি অলপতে মুক্তি লাভ কৰিছিল নেহা কক্কৰে কণ্ঠদান কৰা ‘নাৰাজগী…’ শীৰ্ষক মিজউক ভিডিঅ’টো৷ এই মিউজিক ভিডিঅ’টোৰ সন্দৰ্ভত ইনষ্টাগ্ৰামত কিছু কথা ব্যক্ত কৰি এটি পোষ্টো শ্বেয়াৰ কৰিছিল তেওঁ। কিন্তু ভিডিঅ’টো মুক্তিলাভ কৰাৰ পাছতেই চ’ছিয়েল মিডিয়াত সমালোচনাৰ সন্মুখীন হয় কণ্ঠশিল্পীগৰাকী৷

আচলতে গীতটিত থকা এটি ৰিলিক্সে বিচলিত কৰি তুলিছিল তেওঁৰ অনুৰাগীসকলক৷ এই গীতটিৰ বাবে ট্ৰ’ল কৰিবলৈ আৰম্ভ কৰিছিল বহুজনে।নেহাৰ নতুন মিউজিক ভিডিঅ’টোৰ এটি লিৰিক্স অনুসৰি ‘ ‘I feel so lonely, lonely without you baby!’ ‘ গীতটোৰ সন্দৰ্ভত এজন ব্যৱহাৰকাৰীয়ে মন্তব্য কৰিছে, ‘ইমান জোৰদাৰ ভুৱা ইংৰাজী উচ্চাৰণ।’ আন এজন ব্যৱহাৰকাৰীয়ে লিখিছিল, “অত্যধিক বিৰক্তিকৰ অটোটিউন অত্যধিক উচ্চ যেন লাগিছে৷’

আনএজনৰ মতে, ‘আপুনি আনকি হিন্দীতেই ভালকৈ গাবলৈ নোৱাৰে আৰু আপুনি এটা ইংৰাজী গান চেষ্টা কৰি আছে।’ আন এজন ব্যৱহাৰকাৰীয়ে লিখিছিল, ‘দুৱা লিপা হ’বলৈ চেষ্টা কৰিছিল কিন্তু হ’লগৈ ‘টনি কক্কৰ’মিউজিক ভিডিঅ’টো, নেহাই নিজে গীতটি দৰ্শকৰ বাবে প্ৰদৰ্শন কৰা দেখা যায়৷ এখন সুকোমল পালেঙত বহি গীতটে গাই আছিল। নেহাই ভিডিঅ’টোত এখন ৰঙা শাৰী পৰিধান কৰিছিল তেওঁ৷ গানটোত অক্ষয় অবেৰয়ও অভিনয় কৰিছে। গীতটোৰ কথাবোৰ সোনল প্ৰধানে লিখিছে আৰু ৰচনা কৰিছে। নেহা আৰু অক্ষয়ে এজনী যুৱতীৰ কাহিনী উপস্থাপন কৰিছে যিয়ে ভিডিঅ’টোত তেওঁৰ প্ৰাক্তন প্ৰেমিকৰ সৈতে কথা পাতিবলৈ যথাসাধিকাৰ চেষ্টা কৰিছে। ৷নেহাৰ স্বামী ৰোহনপ্ৰীত সিঙে তেওঁৰ লেডীলাভৰ নতুন গানটোৰ প্ৰশংসা কৰিছিল। তেওঁ ইনষ্টাগ্ৰামত মিউজিক ভিডিঅ’টোৰ এটা ভিডিঅ’ ক্লিপু ও শ্বেয়াৰ কৰিছিল তেওঁ ৷