এচিএছ বিষয়া নন্দিতা কোঁৱৰক চাকৰিৰ পৰা বৰ্খাস্ত
নিউজ ডেস্ক,৮ ফ্ৰেব্ৰুৱাৰীঃ উৎকোচ কাণ্ডত দোষী সাব্যস্ত হোৱাৰ পিছতেই ৰাজ্য চৰকাৰে এচিএছ বিষয়া নন্দিতা কোঁৱৰক চাকৰিৰ পৰা বৰ্খাস্ত কৰে। ২০১৭ চনৰ ১৬ মাৰ্চত MPLADS ৰ কামৰ নামত উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ হৈছিল এচিএছ বিষয়াগৰকী। সেই সময়চোৱাত জিলা গ্ৰাম্য উন্নয়ন কামৰূপ (মেট্ৰ’)ৰ প্ৰকল্প সঞ্চালক আছিল নন্দিতা কোঁৱৰ। মহানগৰীৰ দুৰ্গা সৰোবৰ অঞ্চলত সংসদ পুঁজিৰ অধীনত এটা পথ নিৰ্মাণৰ বাবে এজন ঠিকাদাৰৰ পৰা ২০,০০০ টকা উৎকোচ লৈছিল নন্দিতা কোঁৱৰে আৰু সেই সময়তেই গ্ৰেপ্তাৰ হৈছিল এচিএছ বিষয়া নন্দিতা কোঁৱৰ।
বিষয়াগৰাকীক দুৰ্নীতি নিবাৰণ আইন (পিচি) ১৯৮৮ৰ ধাৰা ৭,১৩((১) ৯ডি) আৰু ১৩(২)ৰ অধীনত গ্ৰেপ্তাৰ কৰি বিশেষ আদালতত হাজিৰ কৰোৱাৰ পাছত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছিল।
নন্দিতা কোঁৱৰৰ পিতৃ দেৱানন্দ কোঁৱৰ ২০০১ত বিত্ত মন্ত্ৰী আছিল। ২০০৯ চনত বিসম্বাদক লৈ চৰ্চিত হোৱাৰ পিছত দেৱানন্দ কোঁৱৰক বিহাৰৰ ৰাজ্যপাল নিযুক্তি দিয়া হয়। তেওঁ বিহাৰৰ লগতে ত্ৰিপুৰা, পশ্চিম বংগৰো ৰাজ্যপাল আছিল।