এগৰাকী আইতাৰ হৃদয় বিদাৰক কাহিনী

এগৰাকী আইতাৰ হৃদয় বিদাৰক কাহিনী । ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত বৰমপুৰ গাঁও পঞ্চায়তৰ আঠকুৰিয়াপাৰা নিবাসী এইগৰাকী আইতাৰ নাম নুৰভানু বেগম।
বৃদ্ধগৰাকীৰ থাকিবলৈ এটা ঘৰ আছিল, সেই ঘৰটো ধুমুহাই আজি কিছুদিন আগত ভাঙি পেলাইছে । তেতিয়াৰ পৰাই বৃদ্ধাগৰাকী থাকিবলৈ নাই কোনো ঘৰ, পাকঘৰৰ মাটিত কাপোৰ পাৰি শুই থাকে ।
তেখেতৰ একমাত্ৰ সন্তান মানসিক বিকাৰগ্ৰস্ত, খুজি মাগি দুবেলা দুমুঠি যোগাৰ কৰে আইতাই । কিছুবছৰ আগতে এটি চৰকাৰী গৃহ পাইছিল যদিও গৃহৰ ধন সম্পূৰ্ণ নোপোৱাত আধা বনাই থব লগা হয় গৃহটো। তেখেতৰ পানী খাবলৈ নাই দমকল, নাই অনাময় শৌচাগাৰ ।