Website Design: dastechnologies.in
প্ৰতিবাৰেই মেট্ৰিকৰ দৰে ছাত্ৰ জীৱনৰ গুৰুত্বপূৰ্ণ পৰীক্ষাৰ সময়ত প্ৰাসংগিক হৈ উঠে এটা প্রশ্ন, ৰিজাল্ট ছাত্ৰৰ বেছি ভাল নে ছাত্ৰীৰ বেছি ভাল হৈছে? এই বেলিও পুনৰ বিভিন্ন জনৰ মনত উদয় হৈছে সেই একটাই প্ৰশ্ন , এইবাৰ কোন আগত? ছাত্ৰ নে ছাত্ৰী? এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল মুঠ ৩,৪২,২২৪ গৰাকী পৰীক্ষাৰ্থী। তাৰে ছাত্ৰৰ সংখ্যা ১,৬০,৭৯৪। বিপৰীতে ১,৮১,৪৩০ গৰাকী ছাত্ৰী এইবেলি পৰীক্ষাত বহিছিল। অৰ্থাৎ ছাত্ৰৰ তুলনাত পৰীক্ষাত বহা ছাত্ৰীৰ সংখ্যা আছিল বেছি। কিন্তু ফলাফল তাৰ বিপৰীত। অৰ্থাৎ ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৬৬.৯৩%। আৰু ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৬২.৯১%। গতিকে ক’ব পাৰি ২০২০ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ছাত্ৰীতকৈ ছাত্ৰ আগত।