এইবাৰ প্ৰদূষণ ৰোধৰ বাবে সাতুৰিব অসম সন্তান এলভিছ আলী হাজৰিকাই

নিউজ ডেস্ক, ২০ ফ্ৰেব্ৰুৱাৰীঃ আন্তঃৰাষ্ট্ৰীয় সোণৰ পদক জয় কৰা প্ৰথম ভাৰতীয় পুৰুষ সাঁতোৰবিদ অসম সন্তান এলভিছ আলী হাজৰিকাই এইবাৰ আৰৱ সাগৰ সাতুৰিব। এলভিছে ১৯৯২ চনত চীনত অনুষ্ঠিত হোৱা এছিয়া-পেচিফিক সাঁতোৰ প্ৰতিযোগিতাত আন্তঃৰাষ্ট্ৰীয় সোণৰ পদক জয় কৰিছিল। তাৰোপৰি ১৯৯৪ চনত এছিয়ান চুইমিং প্ৰতিযোগিতাত দুটা স্বৰ্ণসহ ছয়টা পদক জয়েৰে অভিলেখ গঢ়ে এলভিছ আলী হাজৰিকাই। এইবাৰ এলভিছে ‘ইণ্ডো-আৰবিয়ান গেটৱে চুইম’ নামেৰে ১৬৮ কিল’মিটাৰ দৈৰ্ঘ্য সাঁতোৰাৰ কথা ঘোষণা কৰিছে।
উল্লেখ্য যে, চলিত বৰ্ষৰ ৮ মাৰ্চৰ পৰা ১০ মাৰ্চলৈ প্ৰায় আঢ়ৈ দিন একেৰাহে সাঁতুৰিব এলভিছে। এলভিছৰ এই সাঁতোৰৰ প্ৰধান লক্ষ্য আৰু উদেশ্য হৈছে সাগৰ আৰু নদীৰ পানী প্ৰদূষণৰ বিষয়ে সজাগতা কৰা। এই সাঁতোৰত তেঁওক সহযোগ কৰিব মহাৰাষ্ট্ৰৰ সাঁতোৰবিদ গণেশ পালাণ্ডে আৰু পশ্চিমবংগৰ সাঁতোৰবিদ ৰিমো ছাহাই।