উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্রী ত্রিবেন্দ্র সিং ৰাৱটৰ কৰ’না ভাইৰাছকলৈ আজৱ মন্তব্য
দেশত কৰ’নাৰ সংক্রমণ বৃদ্ধি পােৱাৰ সময়তে বিজেপিৰ একাংশ নেতা-কর্মীয়ে ক’ভিড সন্দৰ্ভত নানা আজৱ মন্তব্য আগবঢ়াই আহিছে
উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্রী ত্রিবেন্দ্র সিং ৰাৱটৰ কৰ’না ভাইৰাছকলৈ আজৱ মন্তব্য
‘কৰ’নাও মানুহৰ দৰে জীৱ।সিহঁতৰো জীয়াই থকাৰ অধিকাৰ আছে’
এটা বেচৰকাৰী টেলিভিছন চেনেলৰ সাক্ষাৎকাৰত ৰাৱটে কৈছিল, দার্শনিক দৃষ্টিভংগীৰে চালে ক’ব লাগিব যে কৰ’না ভাইৰাছো আমাৰ দৰে জীৱন্ত। তেওঁলোকৰো আমাৰ দৰে জীয়াই থকাৰ অধিকাৰ আছে। কিন্তু আমি মানুহে নিজকে সবাতোকৈ বুদ্ধিমান বুলি ভাবো। সেয়েহে ভাইৰাছক নির্মূল কৰিব বিচাৰিছো। গতিকে কৰ’না ভাইৰাছেও নিজক ক্রমাগত সলনি কৰিছে।