Local, Vocal, Global

উত্তৰপ্ৰদেশৰ কুশীনগৰ জিলাত মহিলা শিশুসহ ১৩ গৰাকীৰ মৃত্যু

নিউজ ডেস্ক, ১৭ ফ্ৰেব্ৰুৱাৰীঃ বুধবাৰে উত্তৰপ্ৰদেশৰ কুশীনগৰ জিলাৰ নৌৰঙিয়া টোলা গাঁৱত বিবাহ উদযাপনৰ সময়তে কুঁৱাত পৰি সাতগৰাকী মহিলা আৰু ছয়গৰাকী ছোৱালীসহ ১৩ জন লোক নিহত হয়। মৃত লোককেইজন হ’ল- পূজা, শশী কলা, শকুন্তলা, মমতা দেৱী, মীৰা, পূজা, পৰী, জ্যোতি, ৰাধিকা, সুন্দৰী, আৰতি, পাপ্পী আৰু মনু বুলি চিনাক্ত কৰা হৈছে।
           খবৰ অনুসৰি বিয়াত এইসকললোকে কুঁৱাটোৰ ওপৰত পাৰি থোৱা এখন ঢাকনিত বহি আছিল। কিন্তু ওজন বেছি হোৱাত ঢাকনিখন ভাঙি তাৰ ভিতৰত বহি থকা লোকসকল কুঁৱাটোৰ ভিতৰত পৰে। ঘটনাটো সংঘটিত হোৱাৰ লগে লগে স্থানীয় লোকসকলে দূৰ্ঘটনাত পতিত হোৱা লোকসকলক উদ্ধাৰ কৰি হাস্পটাললৈ প্ৰেৰণ কৰে যদিও মৃত্যু হয়।
          কুশীনগৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা জানিব দিয়া অনুসৰি দূৰ্ঘটনাটোত মৃত্যু হোৱা প্ৰতিগৰাকী লোকৰ পৰিয়াললৈ ৪ লাখ টকাকৈ আৰ্থিক সাহাৰ্য্য প্ৰদান কৰিব।
          প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও এই ঘটনাক টুইটযোগে শোক প্ৰকাশ কৰে। লগতে এই ঘটনাই সকলোকে শোকস্তব্ধ কৰি তুলিছে।