Local, Vocal, Global

ইষ্টাৰ্ণ আৰ্মীৰ কামাণ্ডাৰ ইন -চীফ হিচাপে দায়িত্ব গ্ৰহণ প্ৰথম জন অসমীয়া ৰানা প্ৰতাপ কলিতাৰ

নিউজ ডেস্ক,২ ফ্ৰেব্ৰুৱাৰীঃ অসম সন্তান ভাৰতীয় সেনাৰ লেফটেনেন্ট  জেনেৰেল ৰণা প্ৰতাপ কলিতাই মঙলবাৰে সেনাৰ ইষ্টাৰ্ণ আৰ্মীৰ কামাণ্ডাৰ ইন চীফ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। ভাৰতীয় সেনাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ তথা সন্মানীয় কমাণ্ড হিচাপে পৰিচিত এই ইষ্টাৰ্ণ আৰ্মীৰ কামাণ্ডৰ ইন -চীফ হিচাপে দায়িত্ব গ্ৰহণ কৰা অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী ব্যক্তি ৰাণা  প্ৰতাপ কলিতা।ৰানা প্ৰতাপ কলিতা পূৰ্বে সেনা বাহিনীৰ তৃতীয় ক’ৰৰ জিঅ’চি হিচাপে দায়িত্বত আছিল আৰু তাৰ পিছত ভাৰতীয় সেনাৰ মেন পাৱাৰ সঞ্চালক হিচাপে আছিল।উল্লেখযোগ্য যে এইগৰাকী অসমৰ বীৰ সন্তানে শ্ৰী লংকা, জম্মু কাশ্মীৰত উগ্ৰপন্থীৰ বিৰুদ্ধে চলোৱা বিভিন্ন অভিযানত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল।ইয়াৰ উপৰিও উত্তৰ পূৰ্বাঞ্চলত বিদ্ৰোহীৰ বিৰুদ্ধে অভিযান আৰু ভাৰত-চীন সীমান্ত আৰু ভাৰত ম্যানমাৰ সীমান্তৰ ওপৰতো তেওঁ অনবদ্য ভূমিকা পালন কৰিছিল।তেওঁ উত্তম যোদ্ধা সেৱা পদক, অতি বিশিষ্ট সেৱা পদক, সেনা মেডেল আৰু চীফ আৰ্মী কোমেণ্ডেচন পুৰস্কাৰ লাভ কৰিছে।