ইণ্টাৰনেট ছুপাৰষ্টাৰ কিলি পলক ভাৰতীয় উচ্চায়ুক্তৰ বিশেষ সম্বৰ্ধনা

নিউজ ডেস্কঃ ছ’চিয়েল মিডিয়াত অতিকৈ জনপ্ৰিয় এটি নাম কিলি পল। বলীউডৰ গানত লিপ-চিংগ কৰি এই যুৱকজনে কৰা নৃত্যই সকলোকে চমকিত কৰি আহিছে। কিলিৰ হাঁহিটোৱে যেন সকলোৰে মন মুহি পেলাই ৷ কিলি পল বৰ্তমান ইণ্টাৰনেট ছেন্সেচন হৈ পৰিছে। ভাৰতীয়ৰ মাজত অতি জনপ্ৰিয় এই যুৱকজন। কেতিয়াবা কিলিৰ সৈতে ৰীলবোৰত তেওঁৰ ভগ্নীয়েও সহযোগ কৰা দেখিবলৈ পোৱা যায় ৷

তাঞ্জানিয়াৰ যুৱক কিলি পলে ভাৰতীয় গানক প্ৰাধান্য দি ৰীল ভিডিঅ’ বনাই সকলোকে মন্ত্ৰমুগ্ধ কৰি আহিছে। ভাৰতীয় গানক মনে-প্ৰাণে ভালপোৱা কিলি পলক তাঞ্জানিয়াৰ ভাৰতীয় আয়োগে বিশেষভাৱে সন্মানিত কৰিছে। বিনয় প্ৰধানে কিলিৰ সৈতে উঠা এখন ফটো শ্বেয়াৰ কৰি লিখে-”আজি তাঞ্জানিয়াৰ ভাৰতীয় উচ্চায়ুক্তৰ কাৰ্যালয়লৈ এগৰাকী বিশেষ অতিথি আহে। তাঞ্জানিয়াৰ বিখ্যাত শিল্পী কিলি পলে তেওঁৰ ভিডিঅ’ৰে ভাৰতত লাখ লাখ মানুহৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে।”ভাৰতীয় উচ্চায়ুক্ত বিনয় প্ৰধানৰ পৰা সন্মান গ্ৰহণ কৰাৰ লগতে তেওঁৰ সৈতে আলোচনাতো মিলিত হয় কিলি পল। কিলি পলেও তেওঁৰ ইনষ্টাগ্ৰামত ভাৰতীয় উচ্চায়ুক্তৰ সৈতে হোৱা সাক্ষাতৰ ফটো শ্বেয়াৰ কৰিছে। উল্লেখ্য যে ছ’চিয়েল মিডিয়া ছুপাৰষ্টাৰ কিলিৰ ইনষ্টাগ্ৰামত ২.২ মিলিয়ন ফল’ৱাৰ্চ আৰু টিকটকত ১.৭৬ মিলিয়ন ফল’ৱাৰ্চ পাবলৈ সক্ষম হৈছে ৷