Local, Vocal, Global

ইজৰাইল – পেলেষ্টাইন সংঘৰ্ষ: উগ্ৰপন্থীয়ে ৰকেট নিক্ষেপ কৰাৰ পিছত ইজৰাইলৰ বিমান আক্ৰমণ

ইজৰাইলৰ বায়ু সেনাই হামাসে দিনে নিশাই কৰা মাৰাত্মক হিংসাৰ পিছত ৰাতিটোৰ ভিতৰতে কেন্দ্ৰীয় গাজাৰ পশ্চিম প্ৰান্তত কেইবাটাও স্থানত আক্ৰমণ অব্যাহত ৰাখিছে।

ইজৰাইল আৰু পেলিস্তানি উগ্ৰপন্থীৰ মাজত হোৱা হিংসা বৃদ্ধি হ্ৰাস কৰাৰ কূটনৈতিক প্ৰচেষ্টা অব্যাহত থকা সত্বেও ইজৰাইলৰ যুঁজাৰু বিমানে হামাস আৰু অন্যান্য পেলিস্তানি সশস্ত্ৰ গোটে জেৰুজালেমৰ ফালে ৰকেট বিমান নিক্ষেপ কাৰ্য অব্যাহত ৰখাৰ পিছত আক্ৰমণ কৰে।

গাজাত হোৱা আক্ৰমণত নিহতৰ সংখ্যা ১২৬ জন| যাৰ ভিতৰত ৩১ টা শিশু আৰু ৯৫০ জন আহত হৈছিল আৰু ২০০০ তকৈও অধিক ৰকেট ইহুদী ৰাষ্ট্ৰলৈ নিক্ষেপ কৰা হৈছিল আৰু এতিয়ালৈকে ৯ জন লোক নিহত আৰু ৫৬০ জন আহত হৈছে।