ইউটিবত ভিডিঅ’ চাই ঘৰতে সন্তান প্ৰসৱ এগৰাকী কিশোৰীৰ, তাৰপাছতে হত্যা নৱজাতকটিক…

ডিজিটেল ডেস্ক: এক অবিচ্ছ্য ঘটনা যৌন নিৰ্যাতনৰ বলি হোৱা এগৰাকী ১৫ বছৰীয়া কিশোৰীয়ে সংঘটিত কৰিলে এক ভয়ংকৰ ঘটনা। হত্যা কৰিলে এটি নৱজাতকক।আৰক্ষীয়ে জনোৱা অনুসৰি ১৫ বছৰীয়া এগৰাকী কিশোৰীয়ে ইউটিউবৰ ভিডিঅ’ চাই সন্তান প্ৰসৱ কৰে আৰু তাৰপাছত হত্যা কৰে সন্তানটিৰ। এই ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ নাগপুৰত। জানিব পৰা মতে কিশোৰী গৰাকীক যৌন নিৰ্যাতন চলোৱা হৈছিল এই কথা পৰৱৰ্তী সময়ত সামাজিক মাধ্যমতো প্ৰচাৰ কৰা হৈছিল।
যেতিয়া কিশোৰী গৰাকী গৰ্ভৱতী আছিল তেতিয়া কিশোৰী গৰাকীয়ে অন্য কোনো স্বাস্থ্য জনিত সমস্যাত ভুগা বুলি মাতৃক জনাইছিল। তেওঁ গৰ্ভৱতী হোৱা ঘটনাতো সকলোৰে পৰা লুকুৱাই ৰখাৰ চেষ্টা কৰিছিল যাৰ বাবে ঘৰতে প্ৰসৱ কৰাৰ বাবে ইউটিউবত ভিডিঅ’ চোৱা আৰম্ভ কৰিছিল কিশোৰী গৰাকীয়ে।
তাৰ পাছতেই ২ মাৰ্চত কিশোৰী গৰাকীয়ে নিজৰ ঘৰত এটি সন্তান জন্ম দিয়ে আৰু লগে লগে হত্যা কৰি মৃতদেহটো বাকচত লুকুৱাই থয় কিশোৰী গৰাকীয়ে।
যেতিয়া কিশোৰী গৰাকীৰ মাতৃ ঘৰলৈ আহিছিল তেতিয়া সমগ্ৰ ঘটনাৰ উমান পায় মাতৃ গৰাকীয়ে। লগে লগে কিশোৰী গৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। আনহাতে মৃত নৱজাতকৰ মৃতদেহটো আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে৷