ইউক্ৰেইনৰ পৰা সুৰক্ষিত ভাৱে ১০ জন অসমৰ ছাত্ৰই পালেহি ভাৰত


নিউজ ডেস্ক, ৩ মাৰ্চ : ইউক্ৰেইন আৰু ৰাছিয়া ৰ মাজত হোৱা সংঘৰ্ষৰ ফলত ভাৰতৰ লগতে অসমৰো বহু শিক্ষাৰ্থী আৱদ্ধ হৈ পৰে ইউক্ৰেইনত। সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে ইউক্ৰেইনত আবদ্ধ ছাত্ৰ ছাত্ৰী সকলৰ বাবে যথাসম্ভৱ সকলো ব্যৱস্থা গ্ৰহণ কৰিছে ৷ আজি পুৱাৰ ভাগত উত্তৰ প্ৰদেশৰ গাজিয়াবাদস্থিত হিণ্ডন বিমানবন্দৰত উপস্থিত হয় ইউক্ৰেইনৰ পৰা অহা শিক্ষাৰ্থী ৰিয়া শৰ্মা ঠাকুৰ(ডিব্ৰুগড়), মহম্মদ নিছাৰ আলম(গুৱাহাটী), অমিতেশ নাথ(গুৱাহাটী), মুকুল দোশী, ৱাকিব আমিন মজুমদাৰ, অংশুল ভাৰাতীয়া, জিণ্টু ফুকন, নিশিকেশ কৌশিক, মহম্মদ পাকিজ আহমেদ(মঙলদৈ), হিমজ্যোতি তালুকদাৰ(শুৱালকুছি)।
নিজ মাতৃভূমিত উপস্থিত হোৱা শিক্ষাৰ্থীসকলক আদৰণি জনায় অসম ভৱনৰ বিষয়াসকলে ৷ বৰ্তমান তেওঁলোকক নতুন দিল্লীৰ অসম ভৱনত ৰখা হৈছে আৰু লগতে অসমলৈ ঘূৰাই অনাৰ বাবে বাবে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিব অসম চৰকাৰে।
