Local, Vocal, Global

আৰক্ষীয়ে বলপূৰ্বক ফাইন বিচৰাৰ বাবেই যুৱকৰ চাঞ্চল্যকৰ আত্মহত্যা

গুৱাহাটী,১০ ফ্ৰেব্ৰুৱাৰীঃ গুৱাহাটী মহানগৰৰ ধীৰেণপাৰাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।ধীৰেণপাৰাৰ জ্যোতি পথৰ বাসিন্দা নুৰ আলী ওৰফে মৃদুল আলী নামৰ যুৱকজনক অনুজ্ঞাপত্ৰ নোহোৱাৰ বাবেই ভৰলুমুখ আৰক্ষীয়ে ১৫০০০ টকাৰ ফাইন কাটে। তাৰপিছতেই যুৱকজনে আত্মহত্যাৰ পথ বাছি লয়। যুৱকজনৰ মৃত্যুৰ পিছতেই পৰিয়ালৰ লোকে অভিযোগে কৰে যে মৃত নুৰ আলীৰ learner লাইচেঞ্চ আছিল।
         উল্লেখ্য যে, যুৱকজনে ৫০০টকা দিছিল যদিও মানি লোৱা নাছিল ভৰলুমুখ আৰক্ষীয়ে। ইয়াৰ বিপৰীতে বাইকখন জব্দ কৰি ফাইন নিদিলে ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰাৰো ভাবুকি দিয়ে ভৰলুমুখ আৰক্ষীয়ে। ইয়াৰপিছতেই ঘৰলৈ আহি চিপ লৈ আত্মহত্যা কৰে ২১ বছৰীয়া নুৰ আলীয়ে। ইফালে নুৰ আলীৰ সৈতে একেলগে বাইকত অহা ৰাহুল আলী ঘটনাৰ পিছৰ পৰাই নিৰুদ্দেশ এতিয়াও হৈ আছে।