আমফানৰ পিছত নিসৰ্গ আহি আছে

প্ৰতি ঘণ্টাত ১০০ কিঃমিঃ বেগেৰে “নিসৰ্গ” নামেৰে ভাৰতত আহিব নতুন ঘূৰ্ণীবতাহ।
পশ্চিমবংগ আৰু উৰিষ্যাত হৈ যোৱা আমফামৰ পিছতে নিসৰ্গ ঘূৰ্ণীবতাহৰ সৈতে যুঁজিবলৈ প্ৰস্তুত ভাৰতবৰ্ষ।
উক্ত ঘূৰ্ণীবতাহজাকৰ উৎপত্তি স্থল আৰৱ সাগৰ। সোমবাৰে পুৱা আৰৱ সাগৰৰ পূৱ মধ্য আৰু দক্ষিণ পূৱৰ মাজভাগৰ লগতে লাক্ষাদ্বীপ অঞ্চলত নিম্ন চাপ সৃষ্টিৰ ফলতে ঘূৰ্ণীবতাহৰ সম্ভাৱনা বৃদ্ধি পাইছে।
মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ কেইবাঠাইতো জাৰি কৰা হৈছে হাই এলাৰ্ট।
ঘূৰ্ণীবতাহৰ প্ৰভাৱ ইতিমধ্যে পৰিলক্ষিত হৈছে।
মহাৰাষ্ট্ৰত নিয়োগ কৰা হৈছে NDRF টীম।
৩ জুন অৰ্থাৎ কাইলৈ সন্ধিয়া মুম্বাইত এই বতাহে খুন্দা মাৰিব বুলি আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই।