Local, Vocal, Global

আপত্তিজনক মুহূৰ্তৰ দৃশ্য ৰেকৰ্ড কিশোৰ-কিশোৰীৰ, হ’ল ভাইৰেল, অভিযোগ দিবলৈ যোৱা জোৱানক হত্যা

নিজ কন্যাৰ আপত্তিজনক মুহূৰ্তৰ ভিডিঅ’ ইণ্টাৰনেটত ভাইৰেল হোৱাৰ পাছতে এগৰাকী জোৱান হত্যাৰ বলি হয়। এজন সেনা জোৱানক প্ৰহাৰ কৰি হত্যা কৰে গুজৰাটত৷

হত্যাৰ বলিজন সীমান্ত সুৰক্ষা বাহিনীৰ (বিএছএফ) জোৱান আছিল। শনিবাৰে গুজৰাটৰ চকলাচী গাঁৱত জোৱানৰ কন্যাই সহপাঠীৰ ঘৰলৈ গৈছিল। ১৫ বছৰীয়া সহপাঠীয়ে ঘৰতে অসৎ কাৰ্যত লিপ্ত হৈ সকলো দৃশ্য ৰেকৰ্ড কৰে৷ আৰু সেই আপত্তিজনক ভিডিঅ’ সামাজিক মাধ্যমত পোষ্ট কৰিছিল। সেনাৰ জোৱানজনে পৰিয়ালসহ কন্যাৰ সহপাঠীৰ ঘৰলৈ আহে৷ সেই সময়তে পৰিয়ালটোৱে জোৱানজনক ৰাজহুৱাভাৱে প্ৰহাৰ কৰি হত্যা কৰে। আৰক্ষীয়ে হত্যাৰ গোচৰ ৰুজু কৰিছে।

কিশোৰ জনে সেনা জোৱানজনৰ কন্যাৰ সৈতে একেখন বিদ্যালয়তে পঢ়ি আছিল। দুয়োজনৰ মাজত প্ৰেমৰ সম্পৰ্কও আছিল। কিশোৰজনে বান্ধৱীৰ সৈতে অসৎ কাৰ্য কৰি আপত্তিজনক অৱস্থাৰ অশালীন ভিডিঅ’ অনলাইনত পোষ্ট কৰিছিল। জোৱানজন নিশা পত্নী, দুই পুত্ৰ আৰু ভতিজাৰ সৈতে কিশোৰৰ ঘৰত উপস্থিত হৈছিল।

দুয়োটা পৰিয়ালে মুখামুখি হোৱা অভিযুক্ত কিশোৰৰ পৰিয়ালৰ সদস্যসকলে সেনা জোৱান আৰু পৰিয়ালৰ সদস্যসকলক অপমানজনক মন্তব্যৰে কৰিছিল। সেনা জোৱানজনে প্ৰতিবাদ কৰাত আক্ৰমণ কৰি হত্যা কৰে।