আজিৰে পৰা জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনা মহোৎসৱ,চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে মহোৎসৱ

ডিজিটেল ডেস্ক:-শংকৰী কলাকৃষ্টিৰ স্বৰ্ণসৌধ ,ভাৰতৰ একক সৰ্ববৃহৎ সাংস্কৃতিক অনুষ্ঠান হিচাপে বিবেচিত জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনা মহোৎসৱ আজিৰে পৰা ৯মাৰ্চলৈ চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব । ২২৬ বছৰীয়া গৌৰৱোজ্জ্বল ইতিহাসৰ সাক্ষী বহন কৰা এই ভাওনা মহোৎসৱক লৈ জামুগুৰিহাটত উখলমাখল পৰিবেশ । ১৭৯৭ চনত অঞ্চলটোৰ ৰঘুদলনিত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা এই ভাওনা দীৰ্ঘ পৰিক্ৰমাৰ মাজেদি আহি পৰবৰ্তী পৰ্য্যায়ত পকামূৰা পথাৰত হৈ আহিছে প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে। এইবেলিৰ ভাওনা মহোৎসৱৰ সফল ভাৱে সমাপ্ত ঘটনালৈ যত্নৰ ক্ৰতি কৰা নাই জামুগুৰিহাটৰ সংস্কৃতিবান ৰাইজে । বাৰেচহৰীয়া ভাওনা মহোৎসৱৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু প্ৰস্ফুটিত পদুম ফুলত আৰ্হিত নিৰ্মিত ২১ খনকৈ খলাত অহা ৭ আৰু ৮ মাৰ্চৰ নিশা অনুষ্ঠিত হ’ব ৪২ খনকৈ ভাওনা । ভাওনা মহোৎসৱৰ পূৰ্বেই উদযাপন স্থলী পকামূৰা পথাৰ গীতে মাতে মুখৰিত হৈ পৰিছে । স্বাভিমানি জামুগুৰিয়া ৰাইজৰ মুখত ভাওৰীয়াৰ বচন প্ৰয়াৰ ।শংকৰদেৱৰ অনুপম সৃষ্টি ভাওনা ব্ৰজাৱলী ভাষাত সঠিক আৰু শুদ্ধ ৰূপত উপস্থাপন হোৱা জামুগুৰিহাটৰ এই ভাওনা মহোৎসৱক লৈ এতিয়া থৌকি বাথৌ সংস্কৃতিবান জামুগুৰিয়া ৰাইজৰ মন । আজি পুৱা মহোৎসৱৰ বিশাল সাংস্কৃতিক শোভাযাত্ৰ উদ্বোধন কৰে অসমবিধানৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে।এই শোভাযাত্ৰই বৰভগীয়া গাঁৱৰ নামঘৰৰ পৰা পকামুৰা পথাৰলৈকে প্ৰায় চাৰিকিলোমিটাৰ পথ অতিক্ৰম কৰে।বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিয়ে এই শোভাযাত্ৰাত প্ৰদৰ্শন কৰা হয়।