আজি মহানায়ক বীৰ চিলাৰায়ৰ জন্মদিন আৰু মুখ্যমন্ত্ৰীৰ শুভেচ্ছাবাৰ্তা
নিউজ ডেস্ক, ১৬ ফ্ৰেব্ৰুৱাৰীঃ অসম বুৰঞ্জীৰ অন্যতম মহানায়ক বীৰ চিলাৰায়ৰ আজি জন্মদিন। আজি সমগ্ৰ ৰাজ্যত পালন কৰা হৈছে চিলাৰায় দিৱস।
চিলাৰায়ৰ প্ৰকৃত নাম আছিল শুক্লধ্বজ। তেঁওৰ পিতৃ ষষ্ঠদশ শতিকাৰ কমতা ৰাজ্যৰ প্ৰতিষ্ঠাপক বিশ্বসিংহ আৰু মাতৃ আছিল পদ্মাৱতী।তেঁওৰ ভ্ৰাতৃ আছিল ৰজা নৰনাৰায়ণ। বীৰ চিলাৰাই নৰনাৰায়ণৰ সুদক্ষ সেনাপতি আছিল। তেঁও চিলাৰ দৰে চোঁ মাৰি ৰণ কৰিছিল, সেয়ে তেঁওক চিলাৰায় বুলিও জনা যায়। চিলাৰায়ে দেৱান বা মন্ত্ৰীৰ কামো কৰিছিল, সেইকাৰণে তেঁওক বহুতে চিলাৰায় দেৱান বুলিছিল।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে বীৰ চিলাৰায় দিৱসৰ শুভেচ্ছা জনাই লিখিছে এইদৰে- “সাহস আৰু বীৰত্বৰ প্ৰতীক, বীৰ চিলাৰায় আছিল ইয়াৰ সোণালী যুগত কোঁচ ৰাজ্যৰ সেনা প্ৰধান। তেঁও কেৱল এজন দক্ষ সামৰিক সেনাধ্যক্ষই নহয়, ধাৰ্মিক কেন্দ্ৰসমূহৰ পুনৰুদ্ধাৰকাৰীও আছিল। মই বীৰ চিলাৰায় দিৱসত মহান নেতাজনক নমস্কাৰ জনাইছো।”