Local, Vocal, Global

কালিৰ পৰা আৰম্ভ হ’ব পাঞ্জাৱ বিধানসভা নিৰ্বাচন

নিউজ ডেস্ক, ১৯ ফ্ৰেব্ৰুৱাৰীঃ কালিৰ পৰা অনুষ্ঠিত হ’ব পঞ্জাৱ বিধানসভা নিৰ্বাচন। পুৱা ৮ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ অনুষ্ঠিত হ’ব এই ভোটগ্ৰহণ। ৰাজ্যখনত ১৪,৭৫১ টা স্থানত ২৪,৭৪০টা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে। পঞ্জাৱ বিধানসভা ১১৭ খন আসনৰ বাবে মুঠ ১৩০৪ গৰাকী প্ৰাৰ্থীয়ে বিভিন্ন দলৰ লগতে নিৰ্দলীয়ভাৱে প্ৰাৰ্থীত্ব আগবঢ়াইছে। এই নিৰ্বাচনত পঞ্জাৱৰ ২২ টা কৃষক সংগঠনৰ সংযুক্ত মৰ্চাৰ উপৰিও আম আদমী পাৰ্টী, কংগ্ৰেছ, অকালি দল- বিএছপি মিত্ৰজোঁট, বিজেপি, পঞ্জাৱ লোক কংগ্ৰেছ আৰু চিয়াদ যুটীয়া মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে।
           পঞ্জাৱত মুঠ ভোটাৰৰ সংখ্যা ২,১৪,৯৯,৮০৪ গৰাকী। ইয়াৰ ভিতৰত ১ কোটি ১২ লাখ ৯৮ হাজাৰ ৮১ জন পুৰুষ আৰু ১ কোটি ২ লাখ ৯৯৬ গৰাকী মহিলা ভোটাৰ। তাৰোপৰি ৭২৭ গৰাকী ট্ৰেঞ্চজেণ্ডাৰ।
          ভোটগ্ৰহণ যাতে সুকলমে অনুষ্ঠিত হৈ যায় তাৰবাবে ৰাজ্যজুৰি নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰা হৈছে।