আচৰিত…টকা নহয় , বেংকৰ লকাৰত কোটিটকীয়া শিৱলিংগ
নিউজ ডেস্ক, ৩ জানুৱাৰী: চেন্নাইৰ তাঞ্জাভুৰত বেংকৰ লকাৰৰ পৰা ৫০০ কোটি মূল্যৰ পান্নাৰ শিৱলিংগ উদ্ধাৰ হৈছে। কোটিটকীয়া মূল্যৰ শিৱলিংগক লৈ চৰ্চাৰ সৃষ্টি হৈছে। চেন্নাইৰ চোৰাংচোৱা বিষয়াসকলে গোপন সূত্রে খবৰ লাভ কৰে যে তাঞ্জাভুৰৰ এজন ব্যক্তিৰ কব্জাত এটা প্রাচীন শিৱলিংগ আছে । ৮০ বছৰীয়া ছামিয়াপ্পান নামৰ ব্যক্তি এজনৰ ঘৰত এই শিৱলিংগ থকাৰ খবৰ পাই অভিযান চলাই চোৰাংচোৱাৰ বিষয়াসকলে। পিছত ঘৰলৈ বিচাৰি গৈ ব্যক্তিজনক নাপাই তেওঁৰ পুত্ৰক সোধপোচ কৰাত তদন্তকাৰীসকলক পিতৃয়ে বেংকৰ লকাৰত এটা শিৱলিংগ থৈ আহিছে বুলি জনাই। তাৰ পাছতেই বিষয়াসকলে তদন্ত চলায় স্থানীয় বেংকত। তাৰ পিছত বেংকৰ পৰা ৮ চেন্টিমিটাৰ উচ্চতাৰ শিৱলিংগটো উদ্ধাৰ কৰে। শিৱলিংগটোৰ বর্তমান বজাৰ মূল্য হ’ব প্রায় ৫০০ কোটি টকা ।
৮০ৰ দশকৰ শেষৰ ফালে বহু কেইটা প্রাচীন মূর্তি আৰু শিৱলিংগ চুৰিৰ ঘটনা সংঘটিত হৈছিল।