আগন্তুক পৌৰসভাৰ নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত ভাৰতীয় জনতাপার্টী, অসম প্রদেশৰ গুৰুত্বপূৰ্ণ সাংগঠনিক সভা সম্পন্ন
গুৱাহাটী,১২ ফ্ৰেব্ৰুৱাৰীঃ আগন্তুক পৌৰসভা নিৰ্বাচন প্ৰস্তুতি সন্দৰ্ভত আজি গুৱাহাটীৰ মাছখোৱাস্থিত আই টি এত ভাৰতীয় জনতা পাৰ্টী,অসম প্ৰদেশৰ এক গুৰুত্বপূৰ্ণ সাংগঠনিক সভা অনুষ্ঠিত হয়। আজিৰ এই বিশেষ সভাত দলৰ সাংসদ,বিধায়ক,ৰাজ্যিক বিষয়-ববীয়া,জিলা সভাপতি, জিলা প্ৰভাৰী,মণ্ডল সভাপতি, দলীয় মুখপাত্ৰসকলৰ সৈতে আগন্তুক পৌৰ নিৰ্বাচন সম্পৰ্কত বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হয়। সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে,বিজেপি দলক ৰাইজক অধিক ওচৰ চপাই নিবলৈ কাৰ্যকৰ্তাসকলে গুৰুত্বপূৰ্ণ ভূমিকা ল’ব লাগিব। সমাজৰ বাবে উৎসৰ্গিত মনোভাৱেৰে কাম কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, নগৰ নিকাসমূহক অধিক ৰূপান্তৰমুখী কৰাৰ বাবে ঐকান্তিকতাৰে নিজকে নিয়োজিত কৰিব লাগিব। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে,১০২ খন পৌৰ এলেকাত পথ, নল-নৰ্মদা,ষ্ট্ৰীট লাইট,উদ্যান,ষ্টেডিয়ামকে ধৰি উন্নত আন্তঃগাঠনি গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰে প্ৰয়াস কৰিছে।এই উন্নয়ণমূলক কাম-কাজসমূহ নিয়াৰিকৈ কৰি তুলিবলৈ নিকা ভাৱমূৰ্তি আৰু উৎসৰ্গিত মনোভাৱেৰে কাম কৰা ব্যক্তিৰ প্ৰয়োজনত বুলিও মুখ্যমন্ত্ৰীয়ে কয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সপোনক বাস্তৱায়িত কৰিবলৈ হ’লে সকলো ধৰণৰ বাধা নেওচি কাম কৰিব লাগিব উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে,সুৰা ব্যৱসায়ৰ বাহিৰে পঞ্চায়ত এলেকাত কোনো ব্যৱসায়িক অনুজ্ঞাপত্ৰৰ প্ৰয়োজন নহ’ব। সকলো জিলাতে সংহত উপায়ুক্তৰ কাৰ্যালয় নিৰ্মাণ কৰিবলৈ ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে আৰু ইয়াৰ ফলত বিভিন্ন চৰকাৰী কাৰ্যালয়ৰ সুবিধাসমূহ এতিয়া একে ঠাইতে উপলব্ধ হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। আজিৰ এই সভাত দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা,দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া,ৰাষ্ট্ৰীয় উপসভাপতি তথা দলৰ ৰাজ্যিক প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা,ৰাজ্যিক সহ প্ৰভাৰী পৱণ শৰ্মা, প্ৰাক্তন সভাপতি তথা মন্ত্ৰী ৰঞ্জিত দাস, মন্ত্ৰী অশোক সিংহল, প্ৰাক্তন সভাপতি তথা বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য,সাংগাঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মাকে ধৰি দলৰ বিষয়-ববীয়া সকল উপস্থিত থাকে।