আকৌ মূলসুঁতিলৈ ৫২ ডিএনএলএ ৰ সদস্য

নিউজ ডেস্ক, ১৬ ফেব্ৰুৱাৰী: ডিমাচা নেচনেল লিবাৰেচন আৰ্মীৰ (ডিএনএলএ) ৫২ জন কেডাৰে আত্মসমৰ্পণ কৰাৰ লগতে বৰ্তমান ধনশিৰিৰ ডেজিগনেটেড শিবিৰ কাৰ্বি আংলঙত যোগদান কৰিছে।

তেওঁলোকে আত্মসমৰ্পণ কৰা অস্ত্ৰবোৰৰ ভিতৰত আছে কাৰ্বাইন আৰু পাম্প এক্সন গান, আৰু অন্যান্য বহুতো। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ চিৰস্থায়ী শান্তি ঘূৰাই অনাৰ বাবে মূলসুঁতিলৈ অহা ডিএনএলএ সদস্য সকলক স্বাগতম জনাইছে।