আইইডি বিস্ফোৰণত দুজন আইটিবিপি জোৱান আহত

নিউজ ডেস্ক, ২১ ফেব্ৰুৱাৰী: ২০ ফেব্ৰুৱাৰীৰ নিশা মণিপুৰৰ কাকচিং জিলাত আইইডি বিস্ফোৰণত ইণ্ডো-তিব্বত সীমান্ত আৰক্ষীৰ (আইটিবিপি) দুজন জোৱান আহত হয়। আহত লোক দুজন হৈছে উত্তৰাখণ্ডৰ কনিষ্টবল গিৰজা শংকৰ আৰু কনিষ্টবল গৌৰৱ ৰায়।
উল্লেখযোগ্য যে, জোৱানসকল মণিপুৰত নিৰ্বাচনী দায়িত্বত আছিল।ঘটনাটো সংঘটিত হৈছিল নিশা প্ৰায় ৯ বজাত ইম্ফল-চুগনু পথৰ ৱাংগু লুপা মাৰুপৰ এটা ঔষধৰ দোকানৰ ওচৰত। আৰক্ষী বিষয়াসকলে জনোৱা মতে আহত আইটিবিপি সৈনিকসকলক জীৱন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।
আনহাতে, এটা আইটিবিপি দল আৰু ৰাজ্যিক আৰক্ষী বিষয়াসকলে অঞ্চলটোৰ আধিপত্য ৰক্ষা কৰাৰ সময়তেই বিস্ফোৰণটো সংঘটিত হৈছিল। আইইডি বিস্ফোৰণৰ পিছত জিলাখনৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে।
উল্লেখযোগ্য যে উত্তৰ-পূব ৰাজ্যৰ বিধানসভা নিৰ্বাচন ২৮ ফেব্ৰুৱাৰী আৰু ৫ মাৰ্চত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব। ১০ মাৰ্চত ভোট গণনা কৰা হ’ব।