Local, Vocal, Global

অসুস্থ চলচিত্ৰ কৰ্মী আছিফ জাভেদ

159

গোলাঘাটৰ সাংস্কৃতিক সমাজৰ প্ৰতিশ্ৰুতি সম্পন্ন শিল্পী আচিফ জাভেদ আহমেদ । গুৰুতৰ ভাবে অসুস্থ হৈ সম্প্ৰতি গুৱাহাটীৰ হেল্থ চিটি চিকিৎসালয়ত চিকিৎসাধীন । বোলছবিৰ চিত্ৰগ্ৰহণ ,সম্পাদনা আদিত জড়িত আচিফ জাভেদ এগৰাকী অপেচাদাৰী নাট্যকৰ্মী ৰূপে পৰিচিত । আচিফ জাভেদে অভিনয়ৰ লগতে পোহৰ , দৃশ্য সজ্জা সকলো বিষয়ৰ লগতে শেহতীয়াকৈ নাট পৰিচালনাতো সফল হৈছে । তেওঁ অসমীয়া কথাছবি “ভালপাব নাজানিলো”ত কেমেৰাৰ দায়িত্বত থকাৰ লগতে বৰ্তমান মুক্তিৰ পথত থকা ৰঘুপতিটো তেওঁ জড়িত । তেওঁ বৰ্তমান হৃদযন্ত , বৃক্ককে ধৰি কেইবাটাও ৰোগত আক্ৰান্ত শিল্পী গৰাকীৰ চিকিৎসাৰ ব্যয় বৃদ্ধি পাব ধৰিছে । সেয়ে সূহৃদয় ৰাইজৰ পৰা আৰ্থিক সাহাৰ্য বিচাৰিছে তেওঁৰ বন্ধু সকলে । কোনো সদাশয় লোকে ইচ্ছা অনুযায়ী অসম গ্ৰমীণ বিকাশ বেঙ্কৰ গোলাঘাট শাখাৰ একাউণ্ট নং- 7220010006009 .
IFSC – UTBI0RBAGB নম্বৰত আৰ্থিক সহায় জমা কৰিব পাৰিব ।