Local, Vocal, Global

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মুখপাত্ৰ দিলীপ কুমাৰ শৰ্মাৰ সংবাদমেল

নিউজ ডেস্ক, ১২ ফেব্ৰুৱাৰী: সাধাৰণ ৰাইজৰ যাতায়তৰ সুবিধাৰ্থে ৰে’ল বিভাগে গোপনে বাতিল কৰা ট্ৰেইনসমূহ পুনৰ চলাচলৰ দাবী । ক’ভিড কালীন সময়ত লক্ ডাউনৰ অজুহাতেৰে কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশত যিবোৰ ৰে’লসেৱা বাতিল কৰিছিল সেইসমূহ পুনৰ চলাচলৰ কৰাৰ পৰিবৰ্তে ৰে’ল বিভাগে অতি গোপনে ৰাজহুৱা জাননী নিদিয়াকৈ ১২ খনকৈ ৰে’লসেৱা আতৰাই দিয়ে। বাছ বা অন্যান্য মাধ্যমেৰে যাত্ৰা কৰাতো ব্যয়বহুল, সেয়েহে অসমৰ বিভিন্ন স্থানৰ সাধাৰণ যাত্ৰী সকলে ৰে’লসেৱাক আগঠাই দি আহিলে। এতিয়া অতি সংগোপনে ৰে’লসেৱা বন্ধ কৰি দিয়াত যাত্ৰীসকলে বহুতো সমস্যাৰ সন্মুখীন হ’ব লগাত পৰিছে।

উত্তৰ পূৱ সীমান্ত ৰে’ল প্ৰশাসনে অসমৰ প্ৰথম তথা ১৯৬২ চনৰ ভাৰত চীন যুদ্ধৰ জীয়া সাক্ষী বিজড়িত প্ৰাক্ ঐতিহাসিক ডিব্ৰু-শদিয়া ৰে’ল পথত বন্ধ কৰি ৰখা ৰে’লসেৱা পুনৰ প্ৰৱৰ্তন কৰিবলৈ দাবী জনায় অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে।

১৮৮১ চনতে নিৰ্মাণ কৰা অসম প্ৰথম জংচন মাকুমৰ পৰা ডিব্ৰু-শদিয়া ৰে’লপথত পাঁচ বছৰ ধৰি ৰে’লসেৱা বন্ধ হৈ থকাৰ পাছতো সেই অঞ্চলক প্ৰতিনিধিত্ব কৰা শাসকীয় বিজেপি দলৰ কেবিনেট মন্ত্ৰী তথা বিধায়ক সকলৰ অদূৰদৰ্শী ভূমিকাক তীব্ৰ গৰিহণা দিয়ে।