অসমৰ বাবে নতুন দিগন্তৰ সূচনা-পাটনাৰ পৰা পাণ্ডুলৈ কাৰ্গ জাহাজৰ চলাচল
৫ ফ্ৰেব্ৰুৱাৰী,২০২২ঃ কেন্দ্ৰীয় বন্দৰ,জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি পাটনাৰ পৰা গুৱাহাটীলৈ আহিবলগীয়া এখন আভ্যন্তৰীণ জলপথ জাহাজ এম ভি লাল বাহাদুৰ শাস্ত্ৰীৰ ফ্লেগ অফ কৰে। জাহাজখনে আজি পাটনাৰ পৰা যাত্ৰা আৰম্ভ কৰিছে আৰু ২০০ মেট্ৰিক টন খাদ্যশস্য কঢ়িয়াই অসমলৈ ৰাওনা হৈছে। গংগা নদীৰ পৰা ইণ্ডো-বাংলাদেশ প্ৰট’কল জলপথ হৈ ব্ৰক্ষ্মপুত্ৰ নদীয়েদি এই পৰিবহনে ২,৩৫০ কিলোমিটাৰ জলপথৰ যাত্ৰা সামৰি ল’ব। প্ৰায় ২৫-৩০ দিনৰ যাত্ৰাৰ অন্তত মাৰ্চ মাহৰ প্ৰথম ভাগত জাহাজখনে পাণ্ডু বন্দৰত প্ৰৱেশ কৰে।