অসমত ভূমিকম্পৰ প্ৰৱল জোকাৰণি, ভয়াবহ হ’ব নেকি ভাৰতৰ পৰিস্থিতি?

৪ প্ৰাবল্যৰ ভূমিকম্পয়ে জোকাৰি গ’ল অসমৰ কিছু অংশ৷ আজি আবেলি প্ৰায় ৪:১৮ বজাত এই ভূমিকম্পয়ে জোকাৰি গৈছে অসম, দেওবাৰে অসমৰ নগাঁৱত জিলাত ভূম্পিকম্পৰ প্ৰাবল্য য়ে কঁপাই গ’ল নগাঁৱৰ কিছু অংশ৷ তথ্য অনুসৰি এই ভূমিকম্পৰ ফলত বৰ্তমান লৈকে কোনো প্ৰাণহানি বা সম্পত্তিৰ ক্ষতিহোৱাৰ তাৎক্ষণিক খবৰ প্ৰকাশ পোৱা নাই৷

নেচনেল চেণ্টাৰ ফৰ চিচমোলজীয়ে এক প্ৰতিবেদনত কয় যে ভূমিকম্পটো আবেলি ৪:১৮ বজাত হয়৷
জানিব পৰা মতে ভূমিকম্পৰ গভীৰতা ১০ কিলোমিটাৰ পৰ্যন্ত আছিল৷
তথ্য অনুসৰি চুবুৰীয়া পশ্চিম কাৰ্বি আংলং, কাৰ্বি আংলং, গোলাঘাট আৰু মৰিগাঁও জিলাৰ লোকসকলেও এই ভূমিকম্পৰ কম্পন অনুভৱ কৰে৷
এতিয়া প্ৰশ্ন সচাঁ হ’ব নেকি হুগাৰবিটছৰ ভৱিষ্যত বাণী?তুৰস্ক আৰু চিৰিয়াৰ দৰে পৰিস্থিতি হ’ব নেকি ভাৰততো?