Local, Vocal, Global

অসমত অব্যাহত আছে কাল কৰ’নাৰ ভয়াৱহতা ৰূপ

অসমত অব্যাহত আছে কাল কৰ’নাৰ ভয়াৱহতা। প্ৰতিদিনে অভাৱনীয় হাৰত বৃদ্ধি কৰ’নাৰ সংক্ৰমণ । বিগত ২৪ ঘন্টাত ৰাজ্যত কৰ’নাত আক্ৰান্ত হৈছে ২০৩৬ গৰাকী। নতুনকৈ আক্ৰান্ত সকলৰ ৪৮১ গৰাকী কামৰূপ মহানগৰৰ আৰু ১৪৬ গৰাকী যোৰহাটৰ, ১২৯ গৰাকী ডিব্ৰুগড়ৰ, ১১০ গৰাকী হাইলাকান্দি জিলাৰ। বিগত ২৪ ঘন্টাত ৰাজ্যত আৰোগ্য লাভ কৰে ২৩৪৫ গৰাকী ৰোগীয়ে । ইয়াৰ বিপৰীতে মৃত্যু হয় ৪গৰাকী লোকৰ।

বৰ্তমানলৈ ৰাজ্যত কৰ’নাত আক্ৰান্ত হৈছে ৯৮,৮০৭ গৰাকী। আৰোগ্য হৈ ঘৰলৈ উভটিছে ৭৯,৩০৭ গৰাকী ৰোগীয়ে। সম্প্ৰতি ৰাজ্যত চিকিৎসাধীন অৱস্থাত আছে ১৯,২১৯গৰাকী লোক। ইয়াৰ বিপৰীতে মৃত্যু হৈছে ২৭৮ গৰাকী লোকৰ।

কৰ’না আক্ৰান্তৰ লোকৰ সংখ্যাই হ্ৰাস পালেও ৰাজ্যত বৃদ্ধি পাইছে ৰাজ্যত আক্ৰান্ত লোকৰ হাৰ। বিগত ২৪ ঘন্টাত ৩৫,৩৯৫ গৰাকী লোকৰ SWAB পৰীক্ষা সম্পন্ন কৰিছে লক্ষ্যণীয়ভাৱে ২৪ ঘন্টা আক্ৰান্ত লোক হাৰ ৫.৭৫ শতাংশ।