অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিলে প্ৰথমগৰাকী তৃতীয় লিংগৰ খেলুৱৈয়ে..
নিউজিলেণ্ডৰ ভাৰত্তোলক ল‘ৰেল হাবাৰ্ড টকিঅ‘লৈ যোগ্যতা অৰ্জন কৰা প্ৰথমগৰাকী তৃতীয় লিংগৰ এথলিট হিচাপে পৰিগণিত হৈছে।ল‘ৰেল হাবাৰ্ডেই টকিঅ’ত মহিলাৰ +৮৭ কেজি শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব যিটো শাখাত তেওঁ বৰ্তমান বিশ্বৰ ১৬তম স্থানত আছে।
পুৰুষ হিচাপেও প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱা হাবাৰ্ডে আন্ত:ৰাষ্ট্ৰীয় অলিম্পিক কমিটিয়ে বিচৰা টেষ্ট’টেৰিয়ন স্তৰৰ পৰীক্ষাৰ ফলাফল প্ৰদৰ্শনৰ পাছত এগৰাকী মহিলা হিচাপে ভাৰোত্তলন কৰিবলৈ যোগ্যতা অৰ্জন কৰে।
তেওঁ তৃতীয় লিংগৰ এথলেটৰ বাবে সকলোধৰণৰ অৰ্হতাৰ যোগ্যতা অৰ্জন কৰিছে।জন্মতে ল‘ৰা হিচাপে জন্মগ্ৰহণ কৰা ল‘ৰেল হাবাৰ্ডে ৩০ বছৰ বয়সত নিজকে মহিলালৈ পৰিৱৰ্তন হয়।