অমিক্ৰণৰ বাবে কৰ্ণাটকত ১০ দিন নৈশ সান্ধ্য আইন জাৰিৰ ঘোষণা
নিউজ ডেস্কঃ কৰ্ণাটকত অমিক্ৰণৰ বাবে ১০ দিন নৈশ সান্ধ্য আইন জাৰি কৰা হৈছে। যিহেতু কৰ্ণাটকত এতিয়ালৈকে ৩১ জনৰ শৰীৰত অমিক্ৰণ ধৰা পৰিছে। অমিক্ৰণৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি কৰ্ণাটক চৰকাৰে ২৮ ডিচেম্বৰৰ পৰা বলবৎ হোৱাকৈ নিশা ১০ বজাৰ পৰা পুৱা ৫ বজালৈ ১০ দিনৰ বাবে নৈশ সান্ধ্য আইন ঘোষণা কৰিছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বাসবৰাজ বোম্মাৰ অধ্যক্ষতাত জেষ্ঠ্য মন্ত্ৰী আৰু বিষয়াসকলৰ মাজত অনুষ্ঠিত এক বৈঠকত এই সিদ্ধান্ত লোৱা হয়।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি কৰ্ণাটকত এতিয়ালৈকে ৩১ জনৰ দেহত অমিক্ৰণ ধৰা পৰিছে। আনহাতে ১৫ জন ৰোগী সুস্থ হৈ উঠিছে।