অভিনেত্ৰী মীৰা বিশ্বাসৰ দেহাৱসান

প্ৰখ্যাত অভিনেত্ৰী তথা জনপ্ৰিয় অভিনেত্ৰী সীমা বিশ্বাসৰ মাতৃ মীৰা বিশ্বাসৰ পৰলোক। ১৯৪৩ চনৰ ৩১ ডিচেম্বৰত জন্ম গ্ৰহণ কৰিছিল মীৰা বিশ্বাসে।সৰাপাত ছবিখনত প্রথম অভিনয় কৰিছিল তেওঁ। ছবিখন আনোৱাৰ হুছেইন কৰিছিল পৰিচালনা। নলবাৰীৰ প্ৰথম মহিলা শিল্পী আছিল তেওঁ। তেওঁৰ অন্তিমখন ছবি আছিল ‘ৰত্নাকৰ’। দিপা মেহতা পৰিচালিত হিন্দী ছবি ৱাটাৰতো অভিনয় কৰিছিল মীৰা বিশ্বাসে।
মৃত্যৰ পূৰ্বে দেহ দান ৰ কথা কৈছিল আৰু সেই অনুসৰীয়ে পৰিয়ালে দান কৰিছে তেওঁৰ দেহ। শঙ্কৰদেৱ নেত্ৰালয়ৰ পৰা চিকিৎসকৰ দল আহি চকুৰ ৰেটিনা সংগ্ৰহ কৰে। বুধবাৰে জিএমচিএইচত দান কৰা হ’ব তেওঁৰ নশ্বৰ দেহ। বৰ্তমান ডাউন টাউন হাস্পতালত ৰখা হৈছে তেখেতৰ নশ্বৰ দেহ।