Local, Vocal, Global

অভিনেত্ৰীৰ ভৰি চেলেকিলে পৰিচালক ৰামগোপাল বৰ্মাই

সদা বিতৰ্কিত পৰিচালক ৰামগোপাল বৰ্মা। বিভিন্ন কাৰণত বিতৰ্কত থাকি ভাল পায় ৰামগোপাল বৰ্মাই। বুধবাৰে নিশা নিজেই শ্বেয়াৰ কৰা এটা ভিডিঅ’ৰ জৰিয়তে এই কথা প্ৰমাণ হৈছে৷ শেহতীয়াকৈ পৰিচালক ৰামগোপাল বৰ্মাই ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা পোষ্টত কৰিছে। য’ত দক্ষিণৰ অভিনেত্ৰী আশু ৰেড্ডীৰ সৈতে দেখা গৈছে। শ্বেয়াৰ কৰা ভিডিঅ’টোত ৰামগোপাল বৰ্মাই আশু ৰেড্ডীৰ ভৰি চেলেকি দিয়া দেখা যায়৷ পোষ্ট শ্বেয়াৰ কৰি ‘কিবা এটাৰ বাবে অপেক্ষা কৰক’ বুলি লিখিছিল৷

অৱশ্যে কেৱল ৰামগোপাল বৰ্মাই নহয় অভিনেত্ৰী আশুৱে ইনষ্টাগ্ৰামত আন এটা ভিডিঅ’ শ্বেয়াৰ কৰে। যিটোৱে বিশেষকৈ সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। ভিডিঅ’টো ইনষ্টাগ্ৰাম হেণ্ডেলত শ্বেয়াৰ কৰি আশুৱে শিৰোনাম দিছিল যে এজন মানুহক উপাসনা কৰাটো অগণন, অন্তহীন আৰু প্ৰায়ে বিপদজনক। যদিও অভিনেত্ৰীগৰাকীয়ে অতি উৎসাহাৰে ভিডিঅ’টো শ্বেয়াৰ কৰা বুলি অনুমান কৰিব পাৰি৷ নেটিজেনসকলে ভিডিঅ’টো যথেষ্ট সমালোচনা কৰা দেখা যায়৷

অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰা ভিডিঅ’টোত চোফাত বহি থকা দেখা গৈছে। পৰিচালক ৰামগোপালক মজিয়াত বহি থকা দেখা যায়৷ পিছফালৰ টেবুলত ৱাইনৰ বটল দেখা যায়। তেনে সময়তে ৰামগোপালে আশুৰ ভৰিত চুমা খাই। অৱশ্যে ৰামগোপালে নিজেই বুধবাৰে নিশা এটা ৩০ মিনিট দীঘল ভিডিঅ’ শ্বেয়াৰ কৰে। পৰিচালকজনে ‘মই গোটেই ভিডিঅ’টো পোষ্ট কৰে।

ভিডিঅ’টোত দক্ষিণৰ জনপ্ৰিয় অভিনেত্ৰীগৰাকীক হুক্কা টানি থকা দেখা গৈছে। তাৰ পিছত পৰিচালকজনে অভিনেত্ৰীগৰাকীৰ ভৰিৰ সন্মুখত বহি প্ৰথমে আশুৰ জোতা খোলো। তাৰ পিছত অভিনেত্ৰীগৰাকীৰ ভৰি চুমা খাই, অভিনেত্ৰীগৰাকীৰ অনুমতিত ভৰিৰ আঙুলিও চেলেকি দিয়ে। অৱশ্যে পৰিচালকজনে দাবী কৰে যে এই ঘটনাৰ জৰিয়তে সকলোকে ক’ব বিচাৰে যে মহিলাসকলক কেনেদৰে ব্যৱহাৰ কৰা উচিত।