চন্দ্ৰবাবু নাইডুৰ ৰোড শ্ব’ৰ সময়ত অঘটন, পদ-দলিত হৈ ৭ জনৰ মৃত্যু

বুধবাৰে অন্ধ্ৰ প্ৰদেশৰ নেল্লোৰ জিলাৰ কান্দুক্কুৰত টিডিপিৰ মুৰব্বী তথা অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ ৰোড শ্ব’ৰ সময়ত হোৱা পদদলিত ৭ জনৰো অধিক লোক নিহত হয়। এই সময়ছোৱাত বহুলোক আঘাতপ্ৰাপ্ত হৈছে। প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে তেওঁৰ দলে প্ৰচাৰ কৰি থকাৰ সময়তে হাজাৰ হাজাৰ সমৰ্থক আদৰণি জনোৱাৰ বাবে কান্দুকুৰত সমবেত হৈছিল।
ঘটনাটোৰ পিছতে চন্দ্ৰবাবু নাইডুৱে মাজভাগত ৰোড শ্ব’ এৰি চিকিৎসালয়লৈ যায়৷ য’ত আহতসকলক ভৰ্তি কৰোৱা হৈছে। দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালক ১০ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ ঘোষণা কৰা হৈছে।
আজি নেল্লোৰ জিলাৰ কান্দুক্কুৰত দলৰ নেতা এন চন্দ্ৰবাবু নাইডুৰ দ্বাৰা আয়োজিত এখন ৰাজহুৱা সভাত টিডিপি কৰ্মীৰ মাজত হোৱা হতা-হতিত টিডিপিৰ সাতজন কৰ্মী নিহত হয় বুলি আৰক্ষীয়ে জনায়। ৭ জন লোকে প্ৰাণ হেৰুৱাইছে আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
বিজেপি নেতা কে বিষ্ণু বৰ্ধন ৰেড্ডীয়ে দুৰ্ঘটনাটোত শোক প্ৰকাশ কৰিছে। অন্ধ্ৰপ্ৰদেশৰ কান্দুকুৰত টিডিপিৰ এক ৰেলীত সংঘটিত পদদলিত ৭ জনৰো অধিক লোক নিহত আৰু কেইবাজনো লোক আহত হৈছে। মই ৰাজ্য চৰকাৰক অতি সোনকালে জৰুৰীকালীন-চিকিৎসা সহায় আগবঢ়াবলৈ অনুৰোধ জনাইছো। আহত আৰু ভুক্তভোগীৰ পৰিয়াললৈ মোৰ গভীৰ সমবেদনা।