Local, Vocal, Global

অধিকাংশ শিক্ষাৰ্থীৰে নাই স্মাৰ্টফোন, দেশত অ’নলাইন শিক্ষা কেনেকৈ?

ল’কডাউনসৃষ্ট পৰিস্থিতিৰ বাবেই দেশত অনলাইন শিক্ষাৰ প্ৰাসংগিকতা বৃদ্ধি পাইছে৷ লগে লগে দেশত চাহিদা বৃদ্ধি স্মাৰ্টফোনৰ৷ কিন্তু বিদ্যালয়ত পঢ়ি থকা ৪২,৮৩১গৰাকী শিক্ষাৰ্থীৰ ওপৰত চলোৱা এক শেহতীয়া সমীক্ষাৰ পৰা পোৱা গৈছে যে প্ৰায় ৫৬ শতাংশ শিক্ষাৰ্থীৰে নাই স্মাৰ্টফোন। প্ৰযুক্তিবিদ্যাৰ উপলব্ধতা সম্পৰ্কে চলোৱা ‘Scenario amidst Covid-19 Onground Situations and Possible Solutions’ শীৰ্ষক সমীক্ষাটো যুগুত কৰিছে “স্মাইল ফাউণ্ডেচন” নামৰ এটি শিশু অধিকাৰ বেচৰকাৰী সংস্থাই। সমীক্ষাৰ পৰা পোৱা গৈছে যে ৪৩.৯৯ শতাংশ শিক্ষাৰ্থীয়ে স্মাৰ্টফোন ব্যৱহাৰ কৰে, ৪৩.৯৯ শতাংশ শিক্ষাৰ্থীয়ে সাধাৰণ ফোন ব্যৱহাৰ কৰে আৰু ১২.০২ শতাংশ শিক্ষাৰ্থীয়ে কোনো ধৰণৰ ফোন ব্যৱহাৰ নকৰে।

টেলিভিচন ব্যৱহাৰৰ ক্ষেত্ৰতো সমীক্ষাটোত পোৱা গৈছে যে ৬৮.৯৯ শতাংশৰ ঘৰত টেলিভিচন আছে যদিও বাকী ৩১.৯৯ শতাংশৰ টেলিভিচন নাই, যিটো এক বৃহৎ সংখ্যা। গতিকে শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত স্মাৰ্টফোনে বিশেষ সমাধান আনিব নোৱাৰে। উক্ত সমীক্ষাটো প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ ১৯,৫৭৬গৰাকী; ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ ১২,২৭৭গৰাকী, নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ ৫,৫৩৭গৰাকী, একাদশ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ ৩,২১৬গৰাকীৰ ওপৰত যুগুতোৱা হৈছিল। এই সমীক্ষাটো দুই ধৰণে যুগুতোৱা হৈছিল প্ৰথমে টেলিফোনৰ যোগেদি শিক্ষাৰ্থীৰ সৈতে বাৰ্তালাপ কৰি  আৰু তাৰ পিছত শিক্ষাৰ্থীসকলৰ ওচৰলৈ গৈ মত-বিনিময় কৰি এই তথ্য পোৱা গৈছিল। ১৬ এপ্ৰিলৰ পৰা ২৮ এপ্ৰিললৈ ১২ দিন ধৰি দিল্লী, গুজৰাট, মহাৰাষ্ট্ৰ, কৰ্ণাটক, তামিলনাডু, পশ্চিমবংগ, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, উত্তৰপ্ৰদেশ হাৰিয়ানা আদিকে ধৰি ২৩খনকৈ ৰাজ্যত এই সমীক্ষা চলোৱা হৈছিল। কভিড-১৯ৰ ভয়াৱহতা ব্যাপক ৰূপত বৃদ্ধি পোৱাৰ লগে লগে মাৰ্চৰ পৰা আৰম্ভ হোৱা লকডাউনৰ ফলত দেশৰ সমগ্ৰ শিক্ষা ব্যৱস্থা অ’নলাইন শিক্ষাগ্ৰহণ বা শিক্ষাদানৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিল। বিশেষজ্ঞসকলৰ মতে, ডিজিটেল বিভক্তীকৰণে এই অ’নলাইন শ্ৰেণীসমূহক এক দুঃস্বপ্নৰ দৰে গঢ় দিছে। জম্মু কাশ্মীৰৰ ড’ডাত ৰেডিঅ’যোগে কৰা শিক্ষাদানৰ ফলস্বৰূপেই ল’কডাউনৰ মাজতো শিক্ষাৰ্থীৰ পাঠ্যক্ৰম সম্পূৰ্ণ হ’ল। বিভাগীয় পৰিসংখ্যা অনুসৰি, দেশত ৩৫ কোটি শিক্ষাৰ্থী আছে যদিও তেওঁ‌লোকৰ কিমানৰ মাজত ডিজিটেল সুবিধা অথবা ইন্টাৰনেট উপলব্ধ আছে সেই সন্দৰ্ভত কোনো সঠিক তথ্য নাই। “স্মাইল ফাউণ্ডেচন”ৰ সহঃ প্ৰতিষ্ঠাপক শান্তনু মিশ্ৰাৰ মতে ডিজিটেল বিভক্তীকৰণ সমস্যাটো যথেষ্ট গুৰুত্বপূৰ্ণ আৰু ইয়াৰ সমাধান কৰিবলৈ হ’লে দেশজুৰি বিভিন্ন ক্ষেত্ৰত এই বিষয়ে চিন্তা কৰাৰ প্ৰয়োজনীয়তা আছে।

“যিকোনো এটি ব্যৱস্থা প্ৰৱৰ্তন কৰিবলৈ লওঁ‌তে আহিব পৰা সমস্যাসমূহ আৰু তাৰ সমাধানৰ বিষয়ে ব্যৱহাৰিক ক্ষেত্ৰতো চিন্তা কৰা উচিত। অ’নলাইন শিক্ষাদান কৰিবলৈ হ’লে সেই বিষয়ে আৰু বহুখিনি কথা আলোচনা কৰাৰো প্ৰয়োজন আছে।” -মিশ্ৰাই উল্লেখ কৰিছে।