Zubeen Garg reaction on assamese recognized as a classical language : অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰা সন্দৰ্ভত হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ প্ৰতিক্ৰিয়া
নিউজ ডেস্ক,৫অক্টোবৰ : অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰা সন্দৰ্ভত হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ প্ৰতিক্ৰিয়া।
অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি লাভ কৰাৰ প্ৰসংগ শুধা এক প্ৰশ্ন হাৰ্টথ্ৰৱ জুবিন গাৰ্গে কয় যে, “ভাৰত চৰকাৰে অসমীয়া ভাষাৰ স্বীকৃতি দিবলৈ কোন?”
জুবিনে আকৌ ক’লে, “মই ইমানবোৰ অসমীয়া গান গালো, অসমীয়াতেই গালো, মোৰ গানৰ স্বীকৃতি কি ভাৰত চৰকাৰে দিব নেকি? ভাৰতৰ এটাই ধ্ৰুপদী ভাষা সেইটো হ’ল সংস্কৃত। আৰু ভাৰতৰ বাকী সকলো ভাষাৰ উৎপত্তিৰ মূল পালি আৰু প্ৰাকৃত ভাষা(Zubeen Garg reaction on assamese recognized as a classical language)।”
জুবিনে কয়, “ভাৰত চৰকাৰকহে অসমে বহুত দিছে। অসমে ভাৰতক গঁড় দিছে, তেল দিছে আৰু জুবিন গাৰ্গ দিছে।”
লগতে পঢ়ক :NIA conducts raids across 5 states : অসমসহ ৫ ৰাজ্যত NIAৰ তালাচী অভিযান