WATCH | Zubeen Garg : জুবিন গাৰ্গৰ স্বাস্থ্যৰ বিষয়ে জনালে চিকিৎসক হিতেশ বৰুৱাই
নিউজ ডেস্ক,২২মে’ : তিনি-চাৰি দিন ধৰি অসুস্থ হৈ আছিল জুবিন গাৰ্গ। জ্বৰ,কাঁহ আৰু গেছৰ সমস্যাত ভুগি চিকিৎসাধীন শিল্পীগৰাকী।
শুকুৰবাৰে পুৱাও কৰিব লাগিব এটা পৰীক্ষা। পৰীক্ষাটোৰ অন্তত চিকিৎসালয়ৰ পৰা যাব পাৰিব জুবিন গাৰ্গ। জুবিন গাৰ্গক জিৰণিৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰিছে ডাঃ হিতেশ বৰুৱাই। কোনো চিন্তাৰ কাৰন নাই বুলি জনালে চিকিৎসক হিতেশ বৰুৱাই(Zubeen Garg)।
সম্প্ৰতি বিশেষজ্ঞ চিকিৎসকৰ দলৰ নিৰীক্ষণত আছে শিল্পীগৰাকী। বুধবাৰে নিশা ভৰ্তি কৰোৱা হৈছিল মহানগৰীৰ নেমকেয়াৰ হাস্পতালত।
লগতে পঢ়ক : WATCH | Rangia News : বিদ্যুৎ চুৰিৰ বিৰুদ্ধে বৃহৎ এক্সন অভিযান শক্তি বিভাগৰ