Local, Vocal, Global

WATCH | Zubeen Gang: মঞ্চ লৈ দৌৰি আহি জুবিন গাৰ্গক সাবটি ধৰিলে এগৰাকী জুবিন অনুৰাগীয়ে

নিউজ ডেস্ক,২৯এপ্ৰিল : সোমবাৰে নিশা মঙলদৈত জুবিনৰ গীতৰ অনুষ্ঠান। জুবিনৰ কণ্ঠত এটাৰ পিছতে আন হিট গীত। সোমবাৰে মঙলদৈ কেন্দ্ৰীয় ৰঙালী বিহু মঞ্চত চলিল জুবিনৰ যাদু।

বিহুমঞ্চত জুবিন ‘ঐ নাহৰ’ গীতটো গাবলৈ লৈছিল হে মাত্ৰ। তেতিয়া মঞ্চলৈ দৌৰি আহিল এগৰাকী যুৱতী। আৰু জুবিন গাৰ্গক সাবটি ধৰিলে যুৱতীগৰাকীয়ে। এফালে মঞ্চত ‘ঐ নাহৰ’ৰ সুৰ বাজি আছে, আনফালে মঞ্চৰ মাজতে যুৱতীগৰাকীয়ে সাবটি ধৰি আছে কণ্ঠশিল্পীগৰাকীক(Zubeen Gang)।

প্ৰাণ শিল্পীগৰাকীক বহুসময় সাবটি থাকিলে যুৱতীগৰাকীয়ে। তেনেতে মঞ্চলৈ উঠি আহিল মহিলা আৰক্ষী। আঁতৰাই নিবলৈ বিচাৰে যুৱতীগৰাকীক। যুৱতীগৰাকীয়েই চৰণ চুই সেৱা কৰিব বিচাৰে জুবিনক। অৱশেষত যুৱতীগৰাকীৰ আঁতৰাই নিলে আৰক্ষীয়ে।

লগতে পঢ়ক : WATCH | Vaibhav Suryavanshi Father: বৈভৱ সূৰ্যবংশীৰ উজ্জ্বল প্ৰদৰ্শনক লৈ পিতৃ সঞ্জীৱ সূৰ্য্যবংশীৰ আৱেগিক বক্তব্য