Local, Vocal, Global

youths body found near shaheed kushal konwar hospital : গোলাঘাট ছহিদ কুশল কোঁৱৰ চিকিৎসালয়ৰ পিছফালে উদ্ধাৰ যুৱকৰ মৃতদেহ

নিউজ ডেস্ক,২৬জুন : চিকিৎসালয়ৰ পিছফালে উদ্ধাৰ মৃতদেহ ।

গোলাঘাট ছহিদ কুশল কোঁৱৰ চিকিৎসালয়ৰ পিছফাল উদ্ধাৰ হৈছে মৃতদেহটো।

জানিব পৰা মতে নুমলীগড়ৰ বাসিন্দা বাবলু বৰা নামৰ যুৱকজনে শৰীৰত আঘাত পাইছিল আৰু তেজ নিগৰি থকাৰ ফলত পত্নীয়ে গোলাঘাট চিকিৎসালয়লৈ আনি চিকিৎসা গ্ৰহন কৰাইছিল(youths body found near shaheed kushal konwar hospital)।

অভিযোগ অনুসৰি চিকিৎসা গ্ৰহন কৰি থকা বাবলু বৰাই মঙলবাৰে নিশা খিৰিকী ভাঙি ওলাই যোৱা বুলি জানিব পৰা গৈছে।বুধবাৰে পুৱা বাবলু বৰাক মৃত অৱস্থাত চিকিৎসালয়ৰ পাছফালে থকা পথৰ দাঁতিত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে।

পত্নীয়ে জনোৱা অনুসৰি চিকিৎসালয়ৰ পিছফালে পৰি থকা অৱস্থাত উদ্ধাৰ হোৱা মৃতদেহটো বাবলু বৰাৰ। বৰ্তমান সমগ্ৰ ঘটনা ৰহস্যৰ আৱৰ্তত । আৰক্ষীৰ তদন্তৰ অন্তত হে পোহৰলৈ আহিব প্ৰকৃত ঘটনা ।

লগতে পঢ়ক : Youth Dies By Drowning in a beel in Rangia : মাছ মাৰিবলৈ গৈ সলিল সমাধি ২২ বছৰীয়া যুৱকৰ