Local, Vocal, Global

Youth suspected suicide in Brahmaputra River : সন্ধানহীন যুৱক; ব্ৰহ্মপুত্ৰত জাঁপ দি আত্মহননৰ সন্দেহ

নিউজ ডেস্ক,২৫জুলাই : ব্ৰহ্মপুত্ৰত জাঁপ দি আত্মহত্যা যুৱকৰ । গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী পানীখাইতীত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা ।

স্থানীয় লোকে জনোৱা অনুসৰি বুধবাৰে দুপৰীয়া পৰিয়ালৰ সৈতে আহাৰ গ্ৰহণ কৰি যুৱকজনে AS-01-FH-7657 নম্বৰৰ স্কুটীখন লৈ হাতীশিলাত উপস্থিত হয় । তাৰ পিচত যুৱকজনে মাতৃলৈ ফোন কৰি কয় যে তেওঁ হাতীশিলাৰ গণেশ মন্দিৰৰ সমীপত আছে আৰু ঘৰলৈ কোনো দিনে উভতি নাযায় । পুত্ৰৰ পৰা ফোন পোৱাৰ পিচতে পৰিয়ালত হাহাকাৰ লাগে আৰু বন্ধুবৰ্গৰ সৈতে পৰিয়ালৰ লোকসকল হাতীশিলাত উপস্থিত হয়(Youth suspected suicide in Brahmaputra River) ।

মন্দিৰ চৌহদত পুত্ৰৰ স্কুটীখন প্ৰত্যক্ষ কৰি তেওঁলোকে ইফালে সিফালে পুত্ৰক বিচাৰিবলৈ আৰম্ভ কৰে । ইফালে যুৱকজনে ব্রহ্মপুত্রত জাঁপ দিয়াৰ সন্দেহ কৰিছে স্থানীয় একাংশ লোকে । ঘটনাস্থলীত পানীখাইতী আৰক্ষী আৰু এছ ডি আৰ এফ উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে । কিন্তু এতিয়ালৈ যুৱকজনৰ কোনো সম্ভেদ পোৱা হোৱা নাই । কিন্তু যুৱকজনে সঁচাকৈয়ে ব্ৰহ্মপুত্ৰত জাঁপ দিলে নেকি ? সমগ্ৰ ঘটনাটোক লৈ এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক : Tea garden workers protest at Burrapahar : কলিয়াবৰৰ বুঢ়াপাহাৰ চাহ বাগিচাত শ্ৰমিকৰ তীব্ৰ প্ৰতিবাদ