Guwahati Youth Falls Prey to Brutal Assault by Mob : মহানগৰীত নৃশংস হত্যাকাণ্ড!
নিউজ ডেস্ক,৭ ফেব্ৰুৱাৰী : পুনৰ ৰাজ্যত নৃশংস হত্যাকাণ্ড ।
হিংসা , হত্যা, ধৰ্ষণেৰে গ্ৰাস কৰিছে সমাজক। প্ৰতিদিনেই এনে খবৰেৰে ভৰি থাকে সংবাদ মাধ্যম । কোনোবাখিনিত অনুভৱ হয় দেশৰ ন্যায় ব্যৱস্থাৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিছে নেকি একাংশ অপৰাধীয়ে ।
ৰাজ্যত পুনত হত্যাকাণ্ড। হত্যা, হিংসাই এক অস্থিৰ পৰিৱেশৰ সূচনা কৰা ৰাজ্যত পুনৰ সংঘটিত হ’ল আন এক জঘণ্য হত্যাকাণ্ড(Youth Succumbs After Being Brutally Beaten By Mob In Ganeshguri)।
পুনৰ হত্যাকাণ্ডৰ ঘটনা এইবাৰ হত্যাৰ বলি হ’ল এজন যুৱক । হত্যাৰ বলি হোৱা যুৱকজনৰ নাম ইক্ৰাম হুছেইন বুলি জানিব পৰা গৈছে ।
জানিব পৰা মতে, সোমবাৰে নিশা গনেশগুৰিত দলবদ্ধ আক্ৰমন কৰিছিল ইক্ৰাম হুছেই নামৰ লোকজনক। সামান্য কথাতে মুৰত প্ৰচণ্ড আঘাত কৰিছিল যুৱকজনক।এই ঘটনাৰ পিছতে লগে লগে দিচপুৰ পলিক্লিনিক ভৰ্তি কৰিছিল পৰিয়ালৰলোকে। কিন্তু মূৰত আঘাট পোৱা ইক্ৰাম হুছেইন মঙলবাৰে দিনৰ তিনি বজাত হাস্পতালতে মৃত্যু হয়(Guwahati Youth Falls Prey to Brutal Assault by Mob)।
এই ঘটনাৰ পিছতে দিছপুৰ থানাত এজাহাৰ দাখিল কৰে পৰিয়ালৰ লোকে।