Local, Vocal, Global

ফুটপাথৰ কাষেৰে খোজ কাঢ়ি গৈ থকা অৱস্থাত ছুৰিৰে আঘাত যুৱকক

নিউজ ডেস্ক, ৩ আগষ্ট : বুধবাৰে গুৱাহাটী ক্লাবৰ বাছ ষ্টেণ্ডত এজন অচিনাক্ত ব্যক্তিয়ে ছুৰিৰে আঘাত কৰাৰ ফলত এজন যুৱক গুৰুতৰভাৱে আহত হয়। যুৱকজনক লোকহৰাৰ দীপক ৰায় বুলি চিনাক্ত কৰা হৈছে।

সূত্ৰঅনুসৰি, যুৱকজনে ফুটপাথৰ কাষেৰে খোজ কাঢ়ি গৈ থকা অৱস্থাত এজন অচিনাক্ত ব্যক্তিয়ে তেওঁক ছুৰিৰে আঘাত কৰিছিল। পৰৱৰ্তী সময়ত মানুহজনক চেম্পিয়ন বুলি চিনাক্ত কৰা হৈছিল।

উল্লেখ্য যে, ঘটনাটো গগৈই টাৱাৰৰ সন্মুখত সংঘটিত হৈছিল। আঘাতপ্ৰাপ্ত ব্যক্তিজন পিছত এখন ফাৰ্মাচীলৈ আহিছিল আৰু পৰৱৰ্তীসময়ত আৰক্ষীক খবৰ দিয়া হৈছিল আৰু যুৱকজনক ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ লৈ যোৱা হৈছিল।

বাতৰি অনুসৰি, ঘটনাটো ড্ৰাগছৰ ফলত সংঘটিত হৈছিল।