Local, Vocal, Global

youth missing in Samaguri : কৰ্মসংস্থাপন বিচাৰি গুৱাহাটীলৈ আহি সন্ধানহীন যুৱক

নিউজ ডেস্ক,১২মে’ : ৰাজ্যত পুনৰ নিৰুদ্দেশৰ ঘটনা । ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে নিৰুদ্দেশৰ ঘটনা । ধাৰাবাহিকভাৱে সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰি আহিছে নিৰুদ্দেশৰ ঘটনাই । এটাৰ পিছত আন এটা নিৰুদ্দেশৰ ঘটনাই জোকাৰি গৈছে ৰাজ্য।

এইবাৰ সন্ধানহীন চামগুৰি-বৰভেটিৰ এজন যুৱক । বিগত ৩ দিন ধৰি সন্ধানহীন যুৱকজন(youth missing in Samaguri)।

জানিব পৰা মতে, ২০ দিন পূৰ্বে গাঁৱৰে এজনৰ সৈতে গুৱাহাটীলৈ আহিছিল যুৱকজন।কৰ্মসংস্থাপন বিচাৰি অতুল দাস নামৰ লোকজনৰ সৈতে আহিছিল গুৱাহাটীলৈ। তাৰ পিছৰে পৰা সন্ধানহীন হয় প্ৰশান্ত দাস নামৰ যুৱকজন ।
কোনো লোকে যুৱকজনৰ সন্ধান পালে ৭৬৩৭৮-১১৩৩১ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাই পৰিয়ালৰ লোকে ।

লগতে পঢ়ক : Dead Body Recovered from Kopili River in Raha :অৱশেষত উদ্ধাৰ হ’ল সন্ধানহীন লোকৰ মৃতদেহ