Local, Vocal, Global

Youth goes missing in Boko : বকোৰ ৰাজাপাৰাৰ হনুমান মন্দিৰৰ পৰাই নিৰুদ্দেশ যুৱক

বকো,২৫মে’ : ৰাজ্যত পুনৰ নিৰুদ্দেশৰ ঘটনা । ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে নিৰুদ্দেশৰ ঘটনা । ধাৰাবাহিকভাৱে সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰি আহিছে নিৰুদ্দেশৰ ঘটনাই । এটাৰ পিছত আন এটা নিৰুদ্দেশৰ ঘটনাই জোকাৰি গৈছে ৰাজ্য(Youth goes missing in Boko)।

এইবাৰ বকোৰ ৰাজাপাৰাৰ হনুমান মন্দিৰৰ পৰাই নিৰুদ্দেশ এজন যুৱক ।নিৰুদ্দেশ হোৱা যুৱকজন বিহাৰৰ ।

জানিব পৰা মতে, মঙ্গলবাৰে নিশা প্ৰায় ১২ বজাৰ পৰা নিৰুদ্দেশ হয় বিহাৰৰ ৰামকুমাৰ মিশ্ৰা (১৪) নামৰ যুৱকজন । বিহাৰৰ ৰামকুমাৰ মিশ্ৰা নামৰ যুৱকজনে ১৮ মে তাৰিখে শনিবাৰে ৰাজাপাৰাৰ হনুমান মন্দিৰৰ পুৰোহিত মোমাইকৰ ওচৰলৈ ফুৰিবলৈ আহিছিল। তাৰ পিছতে যোৱা ২১ মে মঙলবাৰে নিৰুদ্দেশ হয় । বিগত সাতদিন ধৰি কোনো ধৰণৰ সন্ধান পোৱা নাই ৰামকুমাৰ মিশ্ৰা নামৰ যুৱকজনৰ ।

কোনো লোকে ৰামকুমাৰ মিশ্ৰাৰ সন্ধান পাই তেন্তে 86504 80623 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে মোমায়েকে।

লগতে পঢ়ক : One dead in tractor accident in Mazbat : টেক্টৰেৰে হাল বাই থকা অৱস্থাত যান্ত্রিক বিজুতি;নিহত এজ