Youth Missing from kamakhya Railway Junction : মহানগৰীৰ মালিগাঁও কামাখ্যা ৰে’ল জংচনত চাঞ্চল্যকৰ ঘটনা

নিউজ ডেস্ক, ১৭ জানুৱাৰী : পুনৰ মহানগৰীত চাঞ্চল্যকৰ ঘটনা । এইবাৰ মহানগৰীৰ মালিগাঁও কামাখ্যা ৰে’ল জংচনত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ।
মহানগৰীৰ কামাখ্যা ৰে’ল জংচনৰ পৰা নিৰুদ্দেশ যুৱক। জংচনটোৰ চৌহদৰ পৰা ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈছে বিশ্বজিৎ দেৱনাথ নামৰ যুৱকজন।নিৰুদ্দিষ্ট যুৱকজন লংকাৰ বিশ্বজিৎ দেৱনাথ বুলি জানিব পৰা গৈছে ।
জানিব পৰা মতে, ১২ জানুৱাৰীত নিশা দিল্লীৰ পৰা আহিছিল দুই যুৱক। নিশাটো কামাখ্যা ৰে’লৰ প্লেটফ’ৰ্মত থাকি ১৩ জানুৱাৰীত ঘৰলৈ যোৱা পৰিকল্পনা আছিল যুৱকদ্বয়ৰ। কিন্তু ১৩ জানুৱাৰীৰ পুৱাৰে ৰহস্যজনকভাৱে নিখোজ হৈ আছে বিশ্বজিৎ দেৱনাথ। যুৱকজনৰ বেগ উদ্ধাৰ হৈছে যদিও এতিয়াও কোনো সন্ধান নাই বিশ্বজিৎ দেৱনাথৰ। ঘটনা সন্দৰ্ভত ৰে’ল আৰক্ষী, জালুকবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল বিশ্বজিৎ দেৱনাথ পৰিয়ালৰ(Youth Missing from kamakhya Railway Junction)।
লগতে পঢ়ক : Arunachala Liquor Seized : নগাঁৱত জব্দ অবৈধ অৰুণাচলী সুৰা