Youth missing from Gelakey:উৰুকাৰ নিশা ভোজ খাবলৈ ওলাই গৈ উভতি নাহিল ৰুবুল আলী
গেলেকী,৪ফেব্ৰুৱাৰী : গেলেকী ৰঙাগড়াৰ পৰা নিৰুদ্দেশ যুৱক ।
১৩ জানুৱাৰীৰ পৰা নিৰুদ্দেশ ৰঙাগড়াৰ হাবিচুকৰ নবুল আলীৰ পুত্ৰ ৰুবুল আলী ।
উৰুকাৰ নিশা ভোজ খাবলৈ ওলাই যোৱাৰ পিছৰে পৰা আজিৰলৈকে ঘৰলৈ উভতি নাহিল ৰুবুল আলী ।
ভূক্তভোগী পৰিয়ালে ঘটনা সন্দৰ্ভত লিখিত অভিযোগ দাখিল কৰিছে গেলেকী থানাত(Youth missing from Gelakey)।
গেলেকীৰ আৰক্ষীয়ে এই বিষয়ে তদন্ত আৰম্ভ কৰিছে যদিও কোনো ধৰণৰ সম্ভেদ ওলোৱা নাই যুৱকজনৰ ।
জানিব পৰা মতে যুৱকজন স্থানীয় আন দুজন সতীৰ্থৰ সৈতে ৰেলেৰে যাত্ৰা আৰম্ভ কৰিছিল।পৰৱৰ্তী সময়ত বাকী দুই বন্ধু ঘৰলৈ উভতি আহিল যদিও ওভতি নাহিল ৰুবুল আলী ।
আজি ২০ দিন ওকলি যোৱাৰ পাছতো যুৱকজন ঘৰলৈ নহাত শংকাত পৰিছে পৰিয়ালবৰ্গ ।
গেলেকী আৰক্ষীক ক্ষিপ্ৰতাৰে যুৱকজনৰ অনুসন্ধান চলাবলৈ আহ্বান জনাইছে পৰিয়ালবৰ্গই।
লগতে পঢ়ক :Nalbari News: সৰস্বতীৰ পূজাৰ দিনাই এহাল প্ৰেমিক-প্ৰেমিকাই ল’লে চৰম সিদ্ধান্ত