Local, Vocal, Global

Youth killed in Pasighat rehab centre : নিচামুক্তি কেন্দ্ৰত যুৱকক নিৰ্মমভাৱে মাৰপিট কৰি হত্যা !

নিউজ ডেস্ক,২৩জুলাই : নিচামুক্তি কেন্দ্ৰসমূহত প্ৰকৃততে চলিছে কি ? কেৱল ধন সংগ্ৰহৰ কাৰখানালৈ পৰিণত হৈছে নেকি নিচামুক্তি কেন্দ্ৰসমূহ ? সম্প্ৰতি এনে কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন হৈছে ৷ কিয়নো প্ৰায়ই নিচামুক্তি কেন্দ্ৰসমূহত ইটোৰ পাচত সিটো অঘটন সংঘটিত হোৱা পৰিলক্ষিত হৈছে ৷

এইবাৰ নিচামুক্তি কেন্দ্ৰত যুৱকক নিৰ্মমভাৱে মাৰপিট কৰি হত্যা !অৰুণাচল প্ৰদেশৰ পূব চিয়াং জিলাৰ গুমিন নগৰস্থিত “SERENE LIFE FOUNDATION” নামৰ এটা নিচামুক্তি কেন্দ্ৰত সংঘটিত হৈছে এক ভয়ংকৰ কাণ্ড( Youth killed in Pasighat rehab centre) ৷

জানিব পৰা মতে, পূব চিয়াং জিলাৰ পাচিঘাট আৰক্ষী থানাত ২০ জুলাইত মহিমাং লিটিন নামৰ একৰাকী মহিলাই তেওঁৰ পুত্ৰ অলিপ লিটিন মুখাৰ্জীক পাচিঘাটৰ গুমিন নগৰস্থিত “SERENE LIFE FOUNDATION” নামৰ নিচামুক্তি কেন্দ্ৰৰ স্বত্বাধিকাৰী নাচন বৰাঙৰ লগতে তাত থকা একাংশ সদস্যই নিৰ্মমভাৱে মাৰপিট কৰি হত্যা কৰা বুলি দাখিল কৰে এক এজাহাৰ ৷

এজাহাৰত উল্লেখ কৰা অনুসৰি, ১৯ জুলাইৰ নিশা প্ৰায় ১১:৩০ বজাত অলিপ লিটিন মুখাৰ্জীক পৰিয়ালক নজনোৱাকৈয়ে পাচিঘাট বাকিন প্ৰেটিন অসামৰিক চিকিৎসালয়লৈ নিয়া হয় ৷ তাতে চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে ৷ আনকি পৰিয়ালৰ অনুমতি অবিহনে মৃত অলিপ লিটিন মুখাৰ্জীৰ মৰণোত্তৰ পৰীক্ষাও সম্পন্ন কৰা হয় ৷

আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, মৃত অলিপে নিচামুক্তি কেন্দ্ৰৰ পৰা মুকলি হৈ আহিবলৈ বাৰম্বাৰ চেষ্টা কৰিছিল ৷ মৃত অলিপক এই ক্ষেত্ৰত সহায় কৰিছিল তেওঁৰ কেবাজনো বন্ধুৱে ৷ কিন্তু এই কথা নিচামুক্তি কেন্দ্ৰৰ স্বত্বাধিকাৰীয়ে গম পোৱাত অলিপক নিৰ্মমভাৱে প্ৰহাৰ কৰে ৷ ইতিমধ্যে অলিপক মাৰপিট কৰা ভিডিঅ’ভাইৰেল হৈ পৰিছে ৷ সোমবাৰে এক সংবাদমেলযোগে এই কথা সদৰী কৰিছে পূব চিয়াং জিলাৰ আৰক্ষী অধীক্ষকগৰাকীয়ে(Youth beaten to death at a Rehab Center in Pasighat) ৷

আৰক্ষী অধীক্ষকগৰাকীয়ে উল্লেখ কৰা মতে, বিগত ২৮ জুনৰ দিনা অলিপ লিটিন মুখাৰ্জীক তেওঁৰ এজন বন্ধুৰ ঘৰৰ পৰা ড্ৰাগছ সেৱন কৰাৰ অভিযোগত কেবাজনো লোকে জোৰকৈ লৈ যায় পাচিঘাটৰ গুমিন নগৰৰ “SERENE LIFE FOUNDATION” নামৰ নিচামুক্তি কেন্দ্ৰটোলৈ ৷ কিন্তু অলিপৰ মাতৃ মহিমাং লিটিনৰ অভিযোগ মতে, তেওঁৰ পুত্ৰই সেৱন কৰা নাছিল কোনোধৰণৰ ড্ৰাগছ ৷

ইফালে নিচামুক্তি কেন্দ্ৰত থকা সময়চোৱাত পুত্ৰক এবাৰ লগ পাবলৈ অলিপৰ মাতৃয়ে নিচামুক্তি কেন্দ্ৰৰ কৰ্তৃপক্ষক কেইবাবাৰো অনুমতি বিচাৰিছিল ৷ কিন্তু ৪৫ দিন অতিক্ৰম কৰাৰ পাচতো এবাৰলৈয়ো পিতৃ-মাতৃক লগ কৰাৰ অনুমতি প্ৰদান নকৰিলে নিচামুক্তি কেন্দ্ৰটোৱে ৷ এই কথা অলিপৰ মাতৃ মহিমাং লিটিনে নিজেই সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে ৷

ইফালে ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত “SERENE LIFE FOUNDATION” নামৰ নিচামুক্তি কেন্দ্ৰটোৰ স্বত্বাধিকাৰীকে ধৰি মুঠ ১১ জনক পাচিঘাট আৰক্ষীয়ে আটক কৰিছে ৷ লগতে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷

লগতে পঢ়ক : Drugs peddler arrested along with drug : সৰুপথাৰত চাৰি কোটিৰ ড্ৰাগছসহ আটক সৰবৰাহকাৰী