Local, Vocal, Global

Youth killed by thieves in Lakhimpur : ছাগলী চোৰ কৰিবলৈ গৈ এজন যুৱকক হানি খুঁচি হত্যা, হত্যাকাণ্ডক লৈ উত্তপ্ত লখিমপুৰ

নিউজ ডেস্ক, ২৯ জুলাই : ৰাজ্যত পুনৰ সংঘটিত হৈছে এক হত্যাকাণ্ড(Youth killed by thieves in Lakhimpur) । ছাগলী চোৰ কৰিবলৈ আহি এজন যুৱকক হানি খুঁচি হত্যা কৰিলে চোৰৰ দলে । এই ঘটনা সংঘটিত হৈছে লখিমপুৰ জিলাৰ চাংমাই গাঁৱৰ গোবৰীশালীত । শুকুৰবাৰে নিশা লখিমপুৰত প্ৰণৱ শইকীয়া নামৰ যুৱকজনৰ হত্যাকাণ্ডৰ ঘটনাক লৈ সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ(Youth killed by thieves in Lakhimpur) ৷

জানিব পৰা মতে শুকুৰবাৰে নিশা গাওঁখনত আছিল ভাওনা । সেই উপলক্ষে গাঁওখনৰ অধিকাংশ লোকেই ভাওনা উপভোগ কৰিবলৈ গৈছিল । সেই সুৱৰ্ণ সুযোগ গ্ৰহণ কৰি চোৰ কৰিবলৈ গৈছিল এটা দলে।

ইফালে প্ৰণৱ নামৰ গাওঁখনৰে এজন যুৱকে তেওঁৰ বৰদেউতাকৰ ঘৰৰ ছাগলী চোৰ হোৱাৰ খবৰ পোৱাৰ পাছতে চোৰৰ দলটোক খেদি আহিছি। প্ৰৱল বৃষ্টিপাত আৰু এন্ধাৰৰ সুযোগ গ্ৰহণ কৰি এই চোৰৰ দলটোৱে প্ৰণৱ নামৰ যুৱকজনক অতি নৃশংসভাৱে হানি খুঁচি হত্যা কৰি পলায়ন কৰে ।

ঘৰৰ পৰা কিছু নিলগত এটা মথাউৰীৰ কাষৰ এঘৰ মানুহৰ পদূলিত উদ্ধাৰ হৈছে প্ৰণৱৰ নিথৰ দেহ । তেওঁৰ কাষতে উদ্ধাৰ হৈছে এখন গ্লেমাৰ বাইক । বাইকখনৰ নম্বৰ AS 07 S 7293 ।

ইফালে এই গ্লেমাৰ বাইকখনৰ গৰাকী লখিমপুৰৰ ১২ নং ৱাৰ্ডৰ আমিনা খাতুন বুলি জানিব পৰা গৈছে । ঘটনা সন্দৰ্ভত স্থানীয় আৰক্ষীক অৱগত কৰাৰ পাছতে আৰক্ষী আহি ঘটনাস্থলীত উপস্থিত হোৱাৰ লগতে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

এই ঘটনাক লৈ শনিবাৰে দুপৰীয়া শ শ লোক ওলাই আহি লখিমপুৰ বাইপাচ অৱৰোধ কৰি হত্যাকাৰীক শীঘ্রেই গ্ৰেপ্তাৰৰ দাবী জনায়(Road Blocked in Lakhimpur) ৷ প্ৰণৱ শইকীয়াৰ হত্যাকাণ্ডৰ প্ৰতিবাদত উত্তপ্ত লখিমপুৰ ৷ শ শ লোকে অৱৰোধ কৰিলে বাইপাচ (Public protest in lakhimpur seeking justice for Pranab Saikia murder)৷

শুকুৰবাৰে নিশা লখিমপুৰ নগৰৰ সমীপৰ চাংমাই গাঁও গোৱৰীশালিত ছাগলী চোৰৰ আক্রমণত প্ৰণৱ শইকীয়া নামৰ যুৱক জনৰ মৃত্যু হোৱাৰ পিছতে পৰিস্থিতি উত্তপ্ত হৈ পৰে ৷ চাঞ্চল্যৰ সৃষ্টি কৰা এই ঘটনাৰ প্ৰতিবাদত আৰু হত্যাকাৰীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি শাস্তি দিয়াৰ দাবীত বৃহত্তৰ অঞ্চলটোৰ শ শ লোক ওলাই আহি দুপৰীয়া বাইপাচ অৱৰোধ কৰে ৷

হত্যাকাৰীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি ফাঁচী দিয়াৰ দাবীত ৰাইজে বাইপাচ অৱৰোধ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷ বহু সময় ধৰি অৱৰোধ কৰি বাইপাচ অচল কৰাৰ পাছত অৱৰোধ স্থলীত উপস্থিত হয় জিলাৰ উচ্চ পদস্থ আৰক্ষী বিষয়া ৷ আৰক্ষীয়ে ইতিমধ্যে এই ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত তিনি জনক আটক কৰাৰ লগতে সকলো অপৰাধীক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰা হ’ব বুলি বুজনি দিয়াৰ পাছত ৰাইজে সাময়িক ভাবে অৱৰোধ প্ৰত্যাহাৰ কৰে ৷ শনিবাৰৰ সন্ধিয়াৰ ভিতৰত আটাইকেইতা হত্যাকাৰীক গ্ৰেপ্তাৰ কৰাৰ দাবী জনায় প্ৰতিবাদী ৰাইজে ৷

উল্লেখ্য যে, আৰক্ষীৰ সূত্রে জনা মতে ঘটনাস্থলীত উদ্ধাৰ হোৱা বাইকখনৰ আঁত ধৰিয়েই তদন্ত আগবঢ়োৱা হৈছে ৷ বাইকখনৰ গৰাকীয়ে বাইকখন এজন মেকানিকৰ ওচৰত বন্ধকত থৈছিল ৷ তাৰ পৰা শুকুৰবাৰে সন্ধিয়া আইজুল নামৰ এজন যুৱকে বাইকখন নিছিল ৷ ইতিমধ্যে এই তিনিও জনকে আটক কৰি সদৰ থানাত জেৰা কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : Muharram Procession Tragedy in Jharkhand : মহৰমৰ তাজিয়া শোভাযাত্ৰাত বিদ্যুৎস্পৃষ্ট হৈ ৪ জনৰ মৃত্যু, ১০ জন আহত