Local, Vocal, Global

Youth Kidnapped in Dimapur:চাঞ্চল্যকৰ ঘটনা; কাম দিয়াৰ প্ৰলোভন দি ডিমাপুৰত পণবন্দী যুৱকক

মৈৰাবাৰী,২০জানুৱাৰী : মৈৰাবাৰীত চাঞ্চল্যকৰ ঘটনা ।

যুৱকক কাম দিয়াৰ প্ৰলোভন দি পনবন্দী কৰি ৰাখিছে ডিমাপুৰত।

নগাৰ হাতত পণবন্দী যুৱক জনৰ মুক্তি পন হিচাপে দাবী কৰিছে পাঁচ লাখ টকা ।

মৈৰাবাৰীৰ কাজিম উদ্দিন ওৰফে গাজী আৰু ডবকাৰ জহিৰুল ইছলাম নামৰ দুজন অপৰাধীয়ে কাম দিয়াৰ প্ৰলোভন দি ডিমাপুৰলৈ লৈ গৈছিল মৈৰাবাৰীৰ ইনামুল ইছলাম নামৰ এজন যুৱকক ।

ডিমাপুৰলৈ নি দুই অপৰাধীয়ে যুৱক জনক চমজাই দিয়ে এটা নগা অপৰাধী চক্ৰকYouth Kidnapped in Dimapur)।

অপৰাধী চক্ৰটোক পাচঁ লাখ টকা আদায় নিদিলে ইনামুল ইছলামক হত্যাৰ ভাবুকি প্রদান কৰিছে চক্ৰটোৱে ।

চক্ৰটোৱে ইনামুলৰ পিতৃক ফোনযোগে দাবী কৰা ধন বিচাৰি ভাবুকি প্রদান কৰাৰ পিছতেই সৰগ ভাগি পৰিছে পৰিয়ালটোৰ মূৰত।

যাৰ বাবে ভুক্তভোগী পৰিয়ালটোৱে ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ হস্তক্ষেপ বিচাৰি অনুৰোধ জনাইছে ।

লগতে পঢ়ক :Gunotsav : বৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গুণোৎসৱত উপস্থিত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ